পৃষ্ঠা:নাম-মালিতা.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০

নামৰ মহিমা সেহি অগ্নি পুৰাণত।
পাপ বিনাশন মহা স্তুতি প্ৰস্তাৱত॥
কৃষ্ণৰ আগত বাক্য পুষ্কৰে বোলন্ত।
হুয়োক প্ৰসন্ন মোত প্ৰভু ভগৱন্ত॥ ১৩৮॥
তোহ্মাক নভজি মঞি পৰম প্ৰমত্ত।
কৰি আছোঁ পাপ যত মহা অজ্ঞানত॥
জ্ঞান পুৰ্ব্বকৰো পাপ আছে যত যত।
প্ৰভাত মধ্যাহ্ন নিশি সন্ধ্যা সময়ত॥ ১৩৯॥
কায় বাক্য মনে পাপ কৰি আছোঁ যত।
সবে নষ্ট হৌক তিনি নাম কীৰ্ত্তনত॥
মাধৱ পুণ্ডৰীকাক্ষ নাম হৃষিকেশ।
তোহ্মাৰ ত্ৰিতয় নাম পৰম বিশেষ॥ ১৪০॥
গোপনত যদি মোৰ মুখত থাকয়।
তথাপিতো সমস্ত পাতক হৌক ক্ষয়॥
শৰীৰে যতেক পাপ কৰিছোঁ নিশেষ।
নিৰন্তৰে ক্ষয় হৌক মোৰ হৃষীকেশ॥ ১৪১॥
মনে যত পাপ কৰি আছোঁ অবিশ্ৰাম।
নাশ হৌক কীৰ্ত্তণে পুণ্ডৰীকাক্ষনাম॥
বাক্যেবা যতেক পাপ কৰিছো দুৰ্ঘোৰ।
মাধৱ বোলন্তে সবে ক্ষয় হৌক মোৰ। ১৪২॥
শয়নে ভোজনে পথে ব্ৰজন কৰন্তে।
জাগ্ৰত সময়ে আৰু ৰসিয়া থাকন্তে॥