পৃষ্ঠা:নাম-মালিতা.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২৯

হৰি তুষ্ট নভৈলে কাহাৰো তুষ্ট নাই।
দেখিবা ইহাক মহা ভাগৱত চাই॥ ১৩১॥
নামৰ বলৰ কোনে কৰিবেক সীমা।
অগ্নি পুৰাণত শুনা নামৰ মহিমা॥
একান্তিক ভকত প্ৰহ্লাদ মহামতি।
তাহান আগত কৃষ্ণ দৱ নিগদতি॥ ১৩৩॥
গোবিন্দ গোবিন্দ বুলি যিজনে জপয়৷
যমৰ দূতত তাৰ নাহি কিছু ভয়॥
ৰৌৰৱক প্ৰমুক্ষে নৰক নিৰন্তৰ ।
তাত হন্তে কিছু ভয় নাহি সিজনৰ॥১৩৪॥
গোবিন্দ গোবিন্দ নাম মুখে থাকে যাৰ৷
প্ৰেতৰাজ যমতো নাহিকে ভয় তাৰ॥
সমস্তে যুগৰে ইটো কহিলোঁ নিৰ্ণয়।
কলিযুগে যিটো কৃষ্ণ নামক জপয়॥১৩৫॥
যমৰ দণ্ডত তাৰ কিছু ভয় নাই।
যমদুতে তাৰ কিবা উৰুয়াইবে ছাই॥
যম যাতনাত দুঃখ অনেক আছয়।
কি কৰিবে তাক যিটো কৃষ্ণ নাম লয়॥১৩৬॥
হেন জানি গোবিন্দ গোবিন্দ বোলা মুখে।
কৃষ্ণ নাম জপিয়া ফুৰিয়ো মহাসুখে॥
এহিমানে সংহৰিলোঁ বচন কৃষ্ণৰ।
শুনিয়োক কথা আক আত অনন্তৰ॥ ১৩৭॥