পৃষ্ঠা:নাম-মালিতা.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮

পণ্ডিত সকলে আক বিচাৰি দেখিল।
গ্ৰন্থ গৌৰৱক ভৰে আক নিলিখিল॥
হৰি নাম গুণত বাঢ়িল যাৰ ৰতি।
পৰম কৃতাৰ্থ ভৈল সিসি মহাম৩ি॥ ১২৭॥
সিসিজনে ঈশ্বৰকো সান্তোষ কৰয়।
নিজ যশ প্ৰিয় হৰি জানিবা নিশ্চয়॥
ভৈলন্ত সন্তুষ্ট হৰি সম্বন্ধি যাহাৰ।
আৰ কৃত্য শেষ কিছু নথাকিল আৰ॥ ১২৮॥
জগতৰে আত্মা হৰি জানিবা নিশ্চয়।
হৰি তুষ্ট ভৈলে তুষ্ট জগতে হোৱয়॥
ইহাৰ দৃষ্টান্ত শুনিয়োক যেন মত৷
যেন জলদান কৰে বৃক্ষৰ মূলত॥ ১২৯॥
পত্ৰ পুস্প ফল যতেক আছয়৷
সমস্তে তৃপিতি হয় জানিবা নিশ্চয়॥
মূলবিনে পানী যদি সিঞ্চে পত্ৰ ডালে।
কদাচিতো তৃপিতি নুহিকে এক কালে॥১৩০॥
আৰু যেন প্ৰাণক ভুঞ্জাৱে অন্ন পান।
হোৱয় তৃপিতি ইন্দ্ৰি আছে যত মান॥
ক্ষুধাতুৰ নৰে যেন নকৰি ভোজন।
গন্ধপুষ্প অলঙ্কাৰে কৰয় ভূষণ॥ ১৩১॥
কদাচিতো তৃপিতি নুহিকে ইন্দ্ৰিয়ৰ৷
দেখাইলোহোঁ দুতয় দৃষ্টান্ত মনোহৰ॥