পৃষ্ঠা:নাম-মালিতা.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩

বোলন্ত নৃপতি   শুনা মহামতি
  তোহ্মাৰ কল্যাণ হৌক।
মোৰ গুহ্যনাম   কীৰ্ত্তন কৰিয়া
  সন্তোষ কৰাইল মোক॥
তোহ্মাৰ সম্বন্ধি   পৰম সন্তুষ্ট
  ভৈলোহোঁ আমি নিশ্চয়।
পৰম গোপণী   যেহি বৰ লাগে
  লৈয়ো তাক মহাশয়॥১২৪।
মোহোৰ সন্মতি   বৰ লৈয়ো আজি
  হুইবা আতি খ্যাতিমন্ত।
তযু মহোদয়   হৈবেক অপাৰ
  বুলিলন্ত ভগৱন্ত॥
শুনা মহাজনে   যেন লৈলে মনে
  বিৰচিলোঁ আমি পদ।
হুয়া পূৰ্ণ কাম   বোলা ৰাম ৰাম
  গুচোক সবে আপদ॥১১৫॥

পদ



ভাগৱত শাস্ত্ৰ যত নামৰ মহিমা।
তাক কহি কোন জনে কৰিবেক সীমা॥
সাধ্য সাধম ৰূপে নামকেসে কয়।
আন যত ফল কৰ্ম্ম সবে মায়াময়॥১২৬॥