পৃষ্ঠা:নাম-মালিতা.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২৬

সিসব সকলে বিনাশি কেৱলে
 জানিবাহা সাৰতৰ॥
হৰি কীৰ্ত্তনত পৰে আন ধৰ্ম্ম
 নানান বিঘিনি প্ৰস্ত।
হৰিৰ নামেসে জানিবা নিশ্চয়ে
 হৰয় তাক সমস্ত॥ ১২১॥
যদ্যাপি সঞ্জাত নযায়া শুক্ৰৰ
 বচনে লৈয়ো প্ৰমাণ।
বামণৰ আগে শুক্ৰমহা ঋষি
 কহি আছা বিদ্যমান॥
যত মন্ত্ৰ তন্ত্ৰ দেশ কাল পাত্ৰ
 বস্তুত ছিদ্ৰ আছয়।
তযু গুণ নাম কীৰ্ত্তনেসে তাকো
 সমস্তে দূৰ কৰয়॥ ১২২॥
কৰ্ম্মৰ বিঘিনি হৰিবেক নামে
 ইতো অদভুত নয়।
যিহতু নামৰ কীৰ্ত্তনে কৃষ্ণকো
 সন্তোষ অতি কৰয়॥
ইহাৰ প্ৰমাণ লৈয়োক ঈশ্বৰ
 মাধৱৰ বচনত।
ৰাজাৰ আগত আপুনি ঈশ্বৰ
 কহি আছা যেন মত ॥১২৩॥