পৃষ্ঠা:নাম-মালিতা.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫

মহা ভাগৱত  শাস্ত্ৰক বিচাৰি
 দেখিবাহা বিদ্যমান।
ভগৱন্ত ঈশ্বৰৰ  গুণ নাম
 বৰ্ণন মাত্ৰ প্ৰধান॥ ১১৮॥
সমস্ত ধৰ্ম্মত  কৰিয়া গৌৰৱ
 কৃষ্ণৰ নাম কীৰ্ত্তন।
শ্ৰীমন্ত নৰদে  বৰ্ণায়া ব্যাসৰ
 কৰিলা চিত্ত প্ৰসন্ন॥
যত তপ ব্ৰত  পূজা বেদ পাঠ
 মন্ত্ৰ জাপ্য জ্ঞান দান।
সমস্তে ধৰ্মৰ  অবিনাশি ফল
 জানিবাহা এহিমান॥ ১১৯॥
মহা মহা কবি  বিবেকী সকলে
 কৰি আছে নিৰুপণ।
উত্তম শ্লোকৰ  গুণ নাম মাত্ৰ
 কৰিল সদা বৰ্ণন॥
অনেক জনমে  পৰম নিষ্কামে
 কৰিছে পূণ্য যিজন।
তাৰ ফলে সদা  ইজন্মত সুখে
 কৰয় হৰি কীৰ্ত্তন॥ ১২০॥
হৰি কীৰ্ত্তনত  পৰে যত ফল
 কহিয়া আছে ধৰ্ম্মৰ৷