পৃষ্ঠা:নাম-মালিতা.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২৪

আপোনাৰ নিজ  ভক্ত বুলি হৰি
 ভিন্ন তাঙ্ক নকৰিলা॥১১৫॥
বিষ্ণু বৈষ্ণৱৰ  কিঞ্চিতো অন্যৰ
 নাহিকে জানা নিশ্চয়
আক ভিন্ন বুদ্ধি  কৰিলে কেৱলে
 অপৰাধ মাত্ৰ হয়॥
এতেকেসে মহা  জনে দুহান্তৰো
 নাম এক কৰি কয়।
দুহানো নামক  কীৰ্ত্তন কৰিয়া
 পৰম গতি লভয়॥১১৬॥
সংশয় তেজিয়া  একচিত্ত হুয়া
 শুনিয়োক নিৰন্তৰে।
অহাদেৱ মহা  দেৱ মহাদেৱ
 বুলিয়া যিটো সুমৰে॥
প্ৰথম অক্ষৰ  মহেশ বুলিয়া
 মুকুত হোৱয় নৰে।
আৰ দুই পদ  সুমৰিয়া সম্ভু
 হোৱে মুনি স্তুতি কৰে॥ ১১৭॥
শিৱ পুৰাণৰ কহি কিছুমান
 মহিমা শিৱ নামৰ।
মহা ভাগৱত  শাস্ত্ৰ যেন কহে
 শুনা আৱে আত পৰ॥