পৃষ্ঠা:নাম-মালিতা.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৮

এতেকেসে হৰিনাম ধৰ্ম্মতে প্ৰধান।
জগতত নাহি পূণ্য নামৰ সমান॥ ৯৩॥
হৰিনাম কীৰ্ত্তনেসে ধৰ্ম্ম ভৈলা যাৰ।
এৰাইলেক সিজনে যমৰো অধিকাৰ॥
যমৰ বচনে আৰু প্ৰমাণ লৈয়োক।
বোলন্ত শুনিয়ো মোৰ যত দূত লোক॥৯৪॥
যিটো মহাজনে ভৈল মাধৱৰ দাস।
কদাচিতো নচাপিবি তাসম্বাৰ পাশ॥
মাধৱৰ দাসৰ লক্ষণ যেন মত।
কহে স্পস্ট কৰি শুন সবাৰো আগত॥৯৫॥
হে বিষ্ণু বসুদেৱ কমল নয়ন।
অচ্যুত ধৰণীধৰ দেৱ সনাতন॥
শঙ্খ চক্ৰ গদাপাণি প্ৰভু নাৰায়ণ।
হে কৃষ্ণ তুমি মোৰ হুয়োক শৰণ॥ ৯৬॥
এহি মতে হৰি নাম যি জনে সুমৰে।
নাহিকে নিষ্পাপী আৰু সি জনত পৰে॥
হে দূতগণ মোৰ বাক্য মনে ধৰি।
তাসম্বাক ফুৰিবি দূৰতে পৰিহৰি॥৯৭॥
এহি মানে সংহৰিলো যমৰ বচন।
কৃষ্ণতেসে যি জনৰ নিমজিল মন॥
কদাচিতো নৰকে নযাইৱে সিটো নৰ॥
স্বৰ্গো মহা বিঘিনি জানিবা সিজনৰ॥৯৮॥