পৃষ্ঠা:নাম-মালিতা.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৃষ্ণতেসে চিত্ত জানা নিমজিল যাৰ।
ব্ৰহ্মাৰো উত্তম পদ অতি অল্প তাৰ॥
কৃষ্ণকেসে চিত্তত ধৰিয়া নিৰন্তৰে।
একচিত্তে বৃষ্ণক ভাবনা মাত্ৰ কৰে॥৯৯॥
তাৰ আৰ লাভ কিবা কহিবোঁ অধিক।
দেন্ত ভগৱন্তে তাক অব্যয় মুক্তিক॥
তাচ্যুত কীৰ্ত্তনে মাত্ৰ মুকুতি পাৱয়।
কোন ইটো-চিত্ৰ তাৰ পাপ হুইবেক ক্ষয়॥ ১০০॥
জপ হোম যজ্ঞ পূজা আদি সময়ত।
ৰৈল যাৰ মন বাসুদেৱ চৰণত॥
ইন্দ্ৰ পদ আদি কৰি আছে যত ফল।
জানিবা মৈত্ৰয় তাৰে বিঘিনি সকল॥ ১০১॥
তপ জপ যজ্ঞ যাগ যোগ তীৰ্থ ব্ৰত।
কৰ্ম্ম ৰূপ প্ৰায়শ্চিত্ত কহি আছে যত॥
সি সবে পাপক শুদ্ধি নকৰে সিমতে।
কৃষ্ণক স্মৰণে পাপ হৰে যেন মতে॥ ১০২॥
এতেকে যতেক আছে প্ৰায়শ্চিত্ত গণ।
সবাহন্তে শ্ৰেষ্ঠ কৃষ্ণ নামৰ স্মৰণ॥
পাপকৰি অনুতাপ উপজিল যাৰ।
জানা অনুতাপে এক প্ৰায়শ্চিত্ত তাৰ॥১০৩॥
তথাপিতো তাহাৰ নিৰ্ম্মল নুহি চিত্ত।
হৰিনাম কীৰ্ত্তনেসে মুক্ষ্য প্ৰায়শ্চিত্ত॥