পৃষ্ঠা:নাম-মালিতা.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭

কলিৰ লোকৰ চিত্ত মলিন অপাৰ।
আন একো ধৰ্ম্মত নাহিকে অধিকাৰ॥
কেশৱক কৰে মাত্ৰ কীৰ্ত্তন কেৱল।
পাৱে অনায়াসে ধ্যানাদিৰ যেন ফল॥৮৮॥
কীৰ্ত্তনৰ ফল আৰু পাদেৱ শ্ৰেষ্ঠত।
কলিত কীৰ্ত্তনে হোৱে নাৰায়ণ পৰ॥
এতেকেহে কলিযুগ শ্ৰেষ্ঠ অতিশয়।
সত্যাদিৰ লোকে জন্ম কলিত বাঞ্ছয়॥
কালিত কৃষ্ণৰ নাম কীৰ্ত্তন কৰিয়া।
পাৱয় পৰম পদ সংসাৰ তৰিয়া॥
শুনিয়ো মৈত্ৰেয় মাধৱৰ নাম চয়।
ভক্তিভাৱে যিটো জনে কীৰ্ত্তন কৰয়॥৯০॥
অনাদি জন্মৰ যত পাপ আছে তাৰ।
নামৰ কীৰ্ত্তনে কৰে নিঃশেষে সংহাৰ॥
কৃষ্ণৰ কীৰ্ত্তন মহা বহ্ণিৰ সমান।
পাপৰ দাহক নাহি নাম বিনে আন॥৯১
যেন সুৱৰ্ণৰ ধাতু মিশ্ৰ যত মল।
কেৱলে বহ্ণি সি তাক দহয় সকল॥
অগনিত পৰে আৰ যতেক উপায়।
সুৱৰ্ণৰ মল যেন গুছান নযায়॥৯২॥
সেহিমতে হৰি নাম কীৰ্ত্তনত পৰ।
আন ধৰ্ম্মে চিত্ত শুদ্ধ নুহি পুৰুষৰ॥