পৃষ্ঠা:নাম-মালিতা.djvu/১৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১৩)

থিতাতে থাকয় নুহি প্ৰয়াণ কালত।
হৰিৰ নামক কৰে কীৰ্ত্তন সতত॥
সদ্যে তাৰ পাতক সমূহ নষ্ট হয়।
পৰম পদক পাৱে সিটো মহাশয়॥৬৫॥
হোৱয় বতাৰ্থ যাৰ নাম কীৰ্ত্তনত।
কৰোঁ নমস্কাৰ হেন কৃষ্ণ চৰণত॥
চৈতন্য স্বৰূপ আত্মা প্ৰভু ভগৱন্ত।
যাহাৰ নামৰ মহিমাৰ নাহি অন্ত॥৬৬॥
পৰম কৃপালু দেব প্ৰভু নাৰায়ণ।
সদায় প্ৰণামো তান অৰুণ চৰণ॥
পৰম অনল ইটো মহা মোহ চয়।
জাজ্বল্য স্বৰূপে সৰ্ব্ব লোকত জ্বলয়॥৬৭॥
ইহাৰ জ্বালায়ে সদা শৰীৰ দহয়।
হৰয় চেতন শ্ৰুতি জ্ঞান নপাৱয়॥
মহা মেঘ প্ৰায় মাধৱৰ নাম চয়।
তাহাৰ ছাঞাত যিটো প্ৰবেশ কৰয়॥৬৮॥
মহামোহ বহ্নি আৰ তাহাক নদহে।
তাপদুঃখ এৰায় মহা সুখী হুয়া ৰহে॥
যিটো জনে আলাসক কৰি পৰিহাৰ।
নাৰায়ণ নামক উচ্চৰে এক বাৰ॥৬৯॥
এতেকতে সিটো জনে হুয়া শুদ্ধচিত্ত।
সুখে গৈয়া নিৰ্ব্বাণ পদত হোৱে থিত॥