পৃষ্ঠা:নাম-মালিতা.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১২)

যিটো শুনে কৃষ্ণনাম বৈষ্ণব মন্ত্ৰক।
কৰে পান কৃষ্ণনাম মহা ঔষধক॥৫৯॥
সংসাৰ সৰ্পৰ বিষ কৰিয়া নিৰ্জ্জান।
মুক্ত হুয়া পৰম পদত পাৱে থান॥
জানিয়া বিষ্ণুক নৰ স্মৰিয়ো সতত।
কদাচিতো তাঙ্ক নপাশৰিবা মনত॥৬০॥
সংসাৰত যত বিধি নিষেধ আছয়।
ই দুইৰ কিঙ্কৰ আক জানিবা নিশ্চয়॥
বিষ্ণুক যিজনে জানা সততে সুমৰে।
তাহাৰ বিধিৰ কৰ্ম্ম সিজে নিৰন্তৰে॥৬১॥
যিটো জনে থাকে জানা বিষ্ণুক সুমৰি।
পাৱয় নিশেষ ফল জানা নিষ্টকৰি॥
অনাময় পৰম ইশ্বৰ নাৰায়ণ।
তাঙ্ক নিতে কীৰ্ত্তন কৰয় যিটোজন॥ ৬২॥
চিত্তো শুদ্ধ-হোৱে মহাপাপ শঙ্কটত।
নকৰিবা আত কিছু সংশয় মনত॥
যথা মন তথাত থাকোক নৰ সুখে।
কৃষ্ণ কৃষ্ণ কীৰ্ত্তন কৰোক মাত্ৰ মুখে॥৬৩॥
এতেকে বিশুদ্ধ চিত্ত হোৱয় স্বভাৱে।
পৰম গতিক সিটো অনায়াসে পাৱে॥
আৰু শুনিয়োক যেন পদ্মপুৰাণতে।
কৃষ্ণক বিধাতা স্তুতি কৰন্ত বেকতে॥৬৪॥