পৃষ্ঠা:নাম-মালিতা.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

(১৪)

পৰম শ্ৰদ্ধায়ে যুক্ত হুয়া যিটো জন।
হৰিৰ নামক কৰে সদায় কীৰ্ত্তন॥৭০॥
সুৱৰ্ণ হৰণ মহা পাতক শাস্ত্ৰত।
হোৱয় পবিত্ৰ সিটো যেহেন মুকুত॥
যদি ভক্ত সবে কেশৱক প্ৰসঙ্গত।
একবাৰ মান মাত্ৰ সুমৰে মনত॥৭১॥
তাৰাসবো ধ্বংস কৰি পাতক সকলে।
বিষ্ণুৰ পৰম পদ আনন্দতে চলে॥
পৰম দুষ্কৃত কাৰি পাপশীল জন।
কৰে বহুবাৰ হৰি নামক কীৰ্ত্তন॥ ৭২॥
পাপ সমূহত সিয়ো হোৱয় মুকুত।
মহাজনে আক নেদেখিবা অদভুত॥
নামৰ মহিমা কিবা *** ধিক।
না কেন হৰে বুলিলন্ত পাৰ্বতীক॥৭৩॥
নিয়ো পাৰ্বতি তুমি বচন আহ্মাৰ।
একো কন্মে ধৰ্মে নৰে নৰে সংসাৰ॥
জগতৰ ধৰক আচৰি ভাৱে।
তথাপিতো সৰ্বেশ্বৰ বিষ্ণুক নপাৰে॥৭৪॥
হনবা হৈবে শঙ্কা মনত তোমা।
একোৱে প্ৰকাৰে যবে নতৰে সংসাৰ॥
তেৰে কেনমতে নৰে পাইবেক বিষ্ণুক।
নিয়ে সিৰা কৰি মনত উৎসুক॥।৭৫॥