পৃষ্ঠা:নাম-মালিতা.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১১ )

তযুনামে যেন মতে নানা দোষ হৰে।
সেহিমতে অধৰ্ম্মাদি শত্ৰু-নাশ কৰে॥
তোমাৰ নামৰ প্ৰভু মহিমা অপাৰ
হৰে পুৰুষৰ ঘোৰ সংসাৰ নিকাৰ॥৫৪॥
যত মোক্ষ ধৰ্ম্ম আদি সিয়ো পুৰ্ণ হয়।
জীৱন্ততে পুৰুষক মুকত কৰয়॥
হেনয় তোহ্মাত আমি পশিলোঁ শৰণ।
আমাসাক ৰাখি সংহৰিয়ো দৈত্যগণ॥৫৫॥
পিতৃগণ স্তুতি শুনি প্ৰভু ভগৱন্ত।
দৈত্যক সংহৰি তাসম্বাক ৰাখিলন্ত॥
এহিমতে ইসব প্ৰসঙ্গ আৱে থঞো।
আৰু শুনা নামৰ মহিমা কিছু কঞো॥
কপট স্বৰূপে যিটো কৃষ্ণক সুমৰে।
জনাৰ্দ্দন বুলিয়া কীৰ্ত্তন মুখে কৰে॥
অন্তকালে তনু তেজি সিটো মহাশয়।
অনায়াসে পায়ে বিষ্ণুলোকে অনাময়॥৫৭॥
কোনে কহি পাৱে সীমা নামৰ মহত।
শুনা যেন কহি আছে পদ্ম পুৰাণত॥
মহাদুষ্ট সৰ্প ইটো দুৰ্ঘোৰ সংসাৰ।
এহি দংশি চেতন কৰিলে নষ্ট যাৰ॥৫৮॥
তাৰ এক ঔষধ জানিবা কৃষ্ণনাম।
কৃষ্ণনামে এক মহামন্ত্ৰ অনুপাম॥