পৃষ্ঠা:নাম-মালিতা.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৯)

পৰম মহন্ত গজপতি পুৰুষোত্তমে।
লিখাইআছে শ্লোক চয় কোন অনুক্ৰমে॥
সেহি অনুক্ৰমে আমি ৰচিবোঁ পয়াৰ।
কৃষ্ণৰ প্ৰসাদে হৌক লোকত প্ৰচাৰ॥ ৪৩।
শুনিয়োক প্ৰথমতে ব্ৰহ্মপুৰাণত।
কহিয়া আছন্ত যেন নামৰ মহত॥
ভক্তিভাৱে যিটো জনে মাধৱক স্মৰে।
তাহাৰ মহিমা কহিবেক কোন নৰে॥ ৪৪।
অজ্ঞানতো আন চিত্তে মাধবৰ নাম।
যিটো জনে কীৰ্ত্তন কৰয় অবিশ্ৰাম॥
জ্ঞানশূন্য হুয়া ক্ৰোধ কৰিয়া কৃষ্ণক।
অহৰ্নিশে সুমৰয় কৃষ্ণৰ নামক॥৪৫
তথাপিতো সমস্তে দোষকে ক্ষয় কৰি।
দুৰ্ল্লভ মুকুতি পাৱে সংসাৰক তৰি॥
আক আদভুত হেন নলৈবা মনত।
শুনিয়োক ইহাৰ দৃষ্টান্ত যেন মত॥৪৬।
বীৰ শিশুপালে মাধৱক ক্ৰোধ কৰি।
অহৰ্নিশে থাকে সিটো কৃষ্ণক সুমৰি॥
সুমৰন্তে সুমৰন্তে তনময় ভৈল।
কৃষ্ণৰ হাতত মৰি বৈকুণ্ঠক গৈল॥৪৭।
শুনিয়োক আৰু সেহি বহ্ম পুৰাণত।
নামৰ মহিমা পিতৃ স্তুতি প্ৰস্তাবত॥