পৃষ্ঠা:নাম-মালিতা.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৮)

কৃষ্ণৰ ভকতি তেজি কৰি আত্মঘাত।
ঘোৰ সংসাৰত কৰিবেক আয়াযাত॥ ৩৭।
মহাপাপী অন্ত্যজাতি কৃষ্ণ নামগায়া।
মহাসুখে তৰিবে দুৰ্ঘোৰ কালমায়া॥
কৃষ্ণৰ নামত আছে যতেক মহিমা।
আপুনি ঈশ্বৰে যাৰ নপাইলন্ত সীমা॥ ৩৮।
অতৰ্ক প্ৰভাৱ নাম ধৰ্ম্ম অদভুত।
যাক গায়া ফুৰে যত জীৱন মুকুত॥
হেনয় নামৰ তত্ত্ব জানিবাক মনে।
কহিলা মাহিমা যাৰ যেন লৈল মনে॥ ৩৯।
আৰু এক যুগুতি শুনিয়ো অনুপাম।
সমস্তে ধৰ্ম্মৰ ফল মাধৱৰ নাম॥
মুকুতিৰো উপৰত যিটো প্ৰকাশয়।
যিটো নামে মাধৱক অধীন কৰয়॥৪০।
হেন নামে পাপীক তাৰিবে কোন কথা।
জানি মাধৱৰ নাম লৈয়োক সৰ্ব্বথা॥
কহিলো প্ৰসঙ্গ কথা যেন লৈলে মনে।
আবে নাম মালিকা শুনিয়ো সাবধানে॥৪১।
নামৰ মহিমা কিছু কহোঁ বিদ্যমান।
শুনিবাক প্ৰতি কৰা চিত্ত সাবধান॥
দূৰ হৌক বিষয়ৰ আহে যত দোষ।
নিৰন্তৰে নৰে কৰিয়োক হৰি ঘোষ॥৪২।