পৃষ্ঠা:নাম-মালিতা.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৭)

তপ জপ যাগ যোগ নানা যজ্ঞ দান।
নানা বিধ নিষেধ দেখাইলা বিদ্যমান॥
নানা স্বৰ্গ নৰক দেখায়া সুখ দুঃখ।
লোকক কৰাইলা সৱে হৰিত বিমুখ॥৩২।
তাতে তৰ্কিলন্ত কতো কতো মহাজন।
কৃষ্ণৰ ভকতি নাম সবে ভৈল ছন্ন॥
কহিলোহোঁ আমি ধৰ্ম্ম কৰ্ম্ম যত বিধি।
মাধৱৰ নাম বিনে কৰো নাহি সিদ্ধি॥৩৩।
মন্ত্ৰে তন্ত্ৰে দেশে কালে ছিদ্ৰ পৰে যত।
কৃষ্ণৰ নামেসে তাকো কৰে সমাপত॥
পৰম নিবৃত্তি ধৰ্ম্ম মাধৱৰ নাম।
যাত হন্তে পায় ধৰ্ম্ম অৰ্থ মোক্ষ কাম॥ ৩৪।
হেন মাধৱৰ নাম কৰিয়া শুপুত।
প্ৰবৃত্তি ধৰ্ম্মক মাত্ৰ দেখাইলো বহুত॥
কৃষ্ণৰ মোহন বাণী নুবুজিলো আমি।
জানিলো আহ্মাক বঞ্চিলন্ত কৃষ্ণ স্বামী॥৩৫।
এহি মনে চিন্তি মহামুনিগণ যত।
থাপিলা কৃষ্ণৰ নাম সমস্তে শাস্ত্ৰত॥
অনেক জন্মৰ যাৰ সুকৃতি থাকয়।
পাইবেক বিচাৰি নাম সিটো মহাশয়॥৩৬।
অনেক জন্মৰ মহা পাপ আছে যাত।
নলৈব কৃষ্ণৰ নাম নিন্দিবে সাক্ষাত॥