পৃষ্ঠা:নাম-মালিতা.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৬)

তযু আজ্ঞা নকৰিবোঁ ইয়ো দোষ অতি।
শুনিয়া মাধৱে তাক বুলিলন্ত মাতি॥২৬
ভাল তুমি শূলপাণি তৰ্কিলা আহ্মাক।
যিমতে এৰাইবা দোষ শুনা কহোঁ তাক॥
আমাৰ সহস্ৰ নাম দিবোহোঁ তোমাক।
অনুদিনে এক চিত্তে জপিবা তাহাক॥ ২৭।
এৰাইবাহা তেবে অপৰাধ নিৰন্তৰ।
মোহোৰ পৰম প্ৰিয়তম হৈবা হৰ॥
আপুনতো কৰি শ্ৰেষ্ঠ দেখিবোঁ তোহ্মাক।
মোৰ নাম লৈয়া বধ কৰিবা আহ্মাক॥ ২৮।
এহি বুলি কৃপাময় প্ৰভু ভগৱন্ত।
দিব্য সহস্ৰেক নাম শিৱক দিলন্ত॥
নিজ ভক্তিপন্থ নাম মহেশত থৈলা।
তাহাঙ্ক আশ্বাস কৰি বৈকুণ্ঠক গৈলা। ২৯।
কৃষ্ণৰ ভকতি লুপ্ত সমূলি নভৈল।
সৰ্ব্বোত্তম ধৰ্ম্ম নাম মহেশত ৰৈল॥
কৃষ্ণ আজ্ঞা শুনি দেৱ মুনিগণ যত।
কৰি আগম পুৰাণ নানা মত॥৩০।
তৰ্ক্ক বেদ বেদান্ত ভাৰত ইতিহাস।
নানা স্মৃতি তন্ত্ৰ মন্ত্ৰ কৰিলা প্ৰকাশ॥
বৰ্ণাশ্ৰম ধৰ্ম্ম কৰ্ম্ম জ্ঞান তীৰ্থ ব্ৰত।
নানা যোগ ধ্যান জ্ঞান কৰিলা বেকত॥ ৩১।