পৃষ্ঠা:নাম-মালিতা.djvu/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

১১৪

নামৰ মহিমা শুনি কাণো নপাতয়।
আপোনাৰ মৃত আগুনি বধনয়॥৫৫৭॥
আহ্মাত কৰিয়া হৰি ভক্ত অতিশয়।
এহি বুলি হৰি ভকভক বিকৰ্থয়॥
নাম অপৰাধী ইটো জানিবা প্ৰত্যেক।
নানান নিকাৰ দুঃখ ভুঞ্জয় অনেক॥৫৫৮॥
এহি দশ অপৰাধ হৰিৰ নামৰ।
নিশ্চয় কৰিয়া জানিবাহা মুনিবৰ॥
কৃপায়ে শঙ্কৰে আক কহিলা অহ্মাত।
আনো মহা মুনি সব অছিল সাক্ষাত॥৫৫৯॥
হৰিৰ নামেসে মুনি জানিবা নিশ্চয়।
মনুষ্যৰ নিৰন্তৰে মোক্ষক সাধয়॥
হেনয় নামৰ অপৰাধ যত যত।
তেখনে বৰ্ত্তিব আক শুনিল মাত্ৰত॥৫৬০॥
শুনি নাম অপৰাধ যিটো নবৰ্জ্জয়।
সংসাৰ দুঃখত খেদ পাইব অতিশয়॥
মাতৃক ক্ৰোধিয়া অন্ন নকৰি ভোজন।
ক্ষুধাৰ পীড়াত দুঃখ পাৱে শিশুগণ। ৫৬১॥
তুমিয়ো তেজিয়ো নাম অপৰাধ গণ।
হৰি নামত মাত্ৰ কৰিয়ো যতন।
নামেসে পুৰিব তযু যত মনোনিত॥
মপাইবা আনত হন্তে সুখ কদাচিত॥৫৬২॥