পৃষ্ঠা:নাম-মালিতা.djvu/১১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কৰা উপগ্ৰন্থ যাৰ নে মনে লয়। কোন মতে আহ্মাৰ ভকতি ছয় হয়। নানা ধৰ্ম্ম কৰ্ম্ম দেখামোক নানা মুখ। তাক দেখি হৌক পোক আমাত বিমুখ।২১। তুমি সব পাইবা পূজা বাঢ়িবে সৃষ্টি। কৃষ্ণৰ বচন যেন অমৃতৰ বৃষ্টি। দেৱতা যবক কষ্ণে কৰি বৰ দান। মহেশকে আজ্ঞা হৰি দিলা বিদ্যমান। ২২। নানা বিধ কল্পিত আগম কাৰিয়োক। নানা ধৰ্ম দেখায়া গুপুত কৰা মোক। কৃষ্ণৰ মোহন বা কেহ নালিল। কেবলে মহেশে মাত্ৰ ইহাক তকিল। ২৩। শুনিয়া মহেসে গতি পাইলা অসন্তোব। কৃষ্ণক অবজ্ঞা কৰিলত হোৱে দোষ। বলিল বচন ধৰি কৃষ্ণচৰণত। তোহ্মাক যদ্যপি ছন্ন কৰ আগমত। ২৪ অমোচন পাপ তেবে হৈবে আমাৰ। কোটি কলপতত আৰ নেদেখো নিস্তাৰ। সহস্ৰেক ব্ৰহ্ম বধ যদি কৰে নৰে। তোমাৰ সেৱাত তাকে অনায়াসে তৰে। ১৫ তোক অবজ্ঞা প্ৰভু কৰে যিটো জন। কোটি কলপতো তাৰ নেদেখো নোচন।