এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
নিষ্ঠুৰ বচন নুগুচয় দিনে ৰাতি পৰম পাতকী আতি যত অন্ত্য জাতি।। আনো যত পূত্ৰ দাৰা ধনত নিৰত। সবাতে অধম আনো আছে যত যত।। ৫৪১ শ্ৰীগোবিন্দৰ প পঙ্কজ দুতয়। তাত যদি শুদ্ধ ভাৱে শৰণ লৱয।। সমস্তে পাপত ওদ্ধ হোৱয সাক্ষাত। কহিলো নৰদ ইটো স্বৰূপ তোহ্মাত।। ৫৪২ দেৱতো উত্তম হৰি কৰুণা সাগৰ। যাত হন্তে মুকুত হোৱয় ৰে ৰে।। যিটো পাপমতি নৰ অতি দুৰাশয়। তাহান পৰন অপৰাধ আচৰয।।৫৪৩ ভক্তিলে তাহাকো ৰক্ষা কৰা দেৱহৰি ইটো সহ্য নাৰদ জানিবা নিষ্ঠ কৰি।। সব্ব অপৰাধ যদি কৰিয়া থকয। সবাকে এৰাইবে কৰি হৰিক অশ্ৰয়।।৫৪৪। পশুতো অধম পাপমতি যিটো নৰে। হৰিৰো পৰম অপৰাধক আচৰে।। সিযো যেবে কৰে তান নামক আশ্ৰয়। হৰিদ্ৰোহ পাতকত হন্তে নিস্তাৰয়।।৫৪৫।। সমস্তৰে পৰম সুহৃদ হৰি নাম। সুমৰন্ত সাধে ধৰ্ম্ম অৰ্থ মোক্ষ কাম।।