পৃষ্ঠা:নাম-মালিতা.djvu/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩

বোলন্ত শুনিয়ো যুধিষ্ঠিৰ নৃপবৰ।
হৰি কীৰ্ত্তনৰ ফল শুনা মনোহৰ॥
জানিবা নিশ্চয় হৰি নাম কীৰ্ত্তনত।
নাহিকে নিয়ম কাল দেশ আদি যত॥৪৯৭॥
হৰি কীৰ্ত্তনক একো ছিদ্ৰ নপাৱয়।
নকৰিবা ৰাজা আত কিঞ্চিতো সংশয়॥
কামৰ নিয়ম যত আছয় স্নানত।
যজ্ঞত আছয় কাল নিয়ম সমস্ত॥৪৯৮॥
কালৰ নিয়ম মহা মন্ত্ৰৰ জাপ্যত।
নামত নিয়ম নাহি পৃথিবী তলত॥
থিতাতে থাকন্তে নুহি পন্থত ভ্ৰমন্তে।
মন্ত্ৰক জপন্তে নুহি ভোজন কৰন্তে॥৪৯৯।
জলক পিয়ন্তে নুহি বচন বোলন্তে।
আনো নানা বিধ নৰে কৰ্ম্ম আচৰন্তে॥
ইসব সময়ে কৃষ্ণ কীৰ্ত্তন কৰন্তে।
হোৱয় মুকুত পাপ কবচত হন্তে॥৫০০॥
সেহিসে কৰিলে স্নান সমস্ত তীৰ্থত।
সেহিসে দীক্ষিত ভৈল সমস্তে যজ্ঞত॥
সমস্তে দানৰ ফল পাইলে সি সি জন।
সদায় হৰিক যিটো কৰয় কীৰ্ত্তন॥৫০১॥
ইহাক জানিয়া যুধিষ্ঠিৰ নৃপবৰ।
সবে পৰিহৰি কৰা কীৰ্ত্তন কৃষ্ণৰ॥