পৃষ্ঠা:নাম-মালিতা.djvu/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২

ৰূদ্ৰৰ বচনে ইটো কৰিলোঁ প্ৰচাৰ।
নামত বৈষ্ণৱ চিন্তামণি গ্ৰন্থ সাৰ॥ ৪৯১॥
শুনিয়োক তাত থিৰ মনে বুদ্ধ জন।
নাৰদক প্ৰতি যুধিষ্ঠিৰৰ বচন॥
বোলন্ত নাৰদ শুনা মোহোৰ বচন।
শুনি আছোঁ আমি নানা বিধ ধৰ্ম্মগণ॥ ৪৯২॥
নানান ধৰ্ম্মৰ নানা ফল অপৰ্য্যন্ত।
কোনে কহি তাক কৰিবাক পাৰে অন্ত॥
আবে হৰি নামৰ কীৰ্ত্তন ফল যত।
শুনিবাক ইচ্ছা মাত্ৰ কৰোহো মনত॥ ৪৯৩॥
হৰি নাম কীৰ্ত্তনৰ যেন মহা ফল।
কহিয়োক মুনি তাক আমাত সকল॥
যুধিষ্ঠিৰ বচন শুনিয়া মনোহৰ।
আতিশয় আনন্দ মিলিল নাৰদৰ॥৪৯৪॥
সহজে তাহান হৰি কীৰ্ত্তনৰ ভৰে।
মহাপ্ৰেম আনন্দ নুগুছে নিৰন্তৰে।
সৰ্ব্ব অঙ্গ পুলকিত ৰোমাঞ্চ শৰীৰ।
হৰিষৰ বেগত চকুৰ ঝুৰে নীৰ॥ ৪৯৫॥
মুখত নিতান্তে হৰি নাম নুগুচয়।
চিত্তত হৰি ৰূপ সদা প্ৰকাশয়॥
যেন মহা আনন্দে নাৰদ মুনিবৰ।
দিলা পাচে শীঘ্ৰে যুধিষ্ঠিৰৰ উত্তৰ॥ ৪৯৬॥