পৃষ্ঠা:নাম-মালিতা.djvu/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১

সেহি মতে তুচ্চ ইটো পাপ প্ৰায়শ্চিত্ত।
ধৰ্ম্ম সিংহ নাম নিবিহিলা কদাচিত॥
আৰু এক অভিপ্ৰায় শুনা কহো তাক।
জানে যেবে নৰে হৰি নাম মহিমাক॥৪৮৬॥
তেবেসবে তেজি নাম কৰিয়া কীৰ্ত্তন।
অনায়াসে মুকুতি লভিব সৰ্ব্বজন॥
হৰি কীত্তনৰ ইটো তেজ অদভুত।
ইহাৰ কীৰ্ত্তনে হুইলে জগত মুকুত॥ ৪৮৭॥
সৰ্ব্বমুক্তি প্ৰসঙ্গক ভয়ে মুনি গণে।
নকহিলা হৰি নাম এতিসে কাৰণে॥
এই অতিৰেক ভয় বুদ্ধগণ যত।
অনি প্ৰায়শ্চিত্ত বিহিলন্ত তীৰ্থ ব্ৰত॥ ৪৮৮॥
ইসৰ প্ৰসঙ্গ থৈলো সংহৰি প্ৰত্যেক।
চতুব্যুহ চিন্তামণি নামে গ্ৰন্থ এক॥
তাত যেন কহি আছে শুনা কৰি মন।
ভগৱন্ত প্ৰতি ৰূদ্ৰ দেৱৰ বচন॥৪৮৯॥
বোলন্ত শুনিয়ো বিষ্ণু বচন আহ্মাৰ।
যি হেতু কৰিলোঁ নাম কীৰ্ত্তন তোহ্মাৰ॥
এহিসে কাৰণে ভৈলোঁ পৰম পবিত্ৰ।
সৰ্ব্বজন পূজ্যমঞি ভৈলোহোঁ বিচিত্ৰ॥ ৪৯০॥
তুমিসে হৰাহা সমস্তৰে পাপ চয়।
এহিসে কাৰণে হৰি তোহ্মাক বোলয়॥