আপুন শত্রু, আপুনি আপুন ৰাখে মাৰে। হৰিক ন
ভজি নৰ, আপুনি হােৱয় নষ্ট, হৰি ভজি আপুনক
তাৰে ॥ ২৬ ॥ দুৰ্ল্লভ মনুষ্য জন্ম, লভিয়া পশুৰ যােগ্য,
বিষয়ৰ আশা পৰিহৰা। সন্তৰ সঙ্গত বসি, সুখে হৰিগুণ
গাযা, সন্তোষ অমৃত পান কৰা ॥ ২৭ ॥ বিষয় সম্বন্ধসুখ,
সমস্ত যােনিত পাই, হৰি সেৱা একো স্থানে নাই । হৰিৰ
সেবাৰ যােগ্য, কেবল মনুষ্য তনু, জানি ফুৰা হৰি গুণ
গাই ॥২৮ ॥ হৰি নাম কীর্ত্তনত, নাহি কালদেশ পাত্র,
নিয়ম সংযম একো বিধি৷ হৰিত শৰণ লৈয়া, কেৱল
হৰিৰ নাম, কীৰ্ত্তন কৰন্তে হোৱে সিদ্ধি ॥ ২৯ ॥ মৃত্যুৰ
মুখত পৰি, আছে যিতো সিতো নৰে, হৰিগুণ কীৰ্ত্তন সি
কৰে। মৃত্যু তৰিবাৰ জানা, নাহিকে উপায় আন, হৰিনাম
কীৰ্ত্তনত পৰে ৷৷ ৩০ ॥ মৃত্যু তৰিবাৰ আন, আচয উপাষ
যত, বিঘিনি দূষিত নিৰন্তৰে। বিঘিনি ৰহিত যত, মাধবৰ
গুণ কৰ্ম্ম, কীৰ্ত্তন কৰিয়া সুখে তৰে ॥ ৩১ ॥ লুব্ধমতি
মনুষ্যৰ, হৰি কীৰ্ত্তনত পৰে, নাহিকে ৰহস্য বিত্ত আৰ। আন আশা, পৰিহৰি, মাধৱক মনে ধৰি, হৰিৰ কীৰ্ত্তন কৰা
সাৰ॥৩২ ॥ শুনা পৰমাৰ্থ তত্ত্ব, শ্ৰীমন্ত শঙ্কৰ মত, ধৰি-
যোক সজ্জন সকল । হৰিৰ কীৰ্ত্তন কৰি, সুখে সংসাৰক
তৰি, পাইবা ভক্তি পৰম নিৰ্ম্মল ॥ ৩৩॥ শুনা সভাসদ চয়,
নেড়িবা শাস্ত্ৰৰ লয়, হৰিগুণ ভাগৱত সাৰ। সাধুসঙ্গ অনুসৰা,শ্ৰৱণ কীৰ্ত্তন কৰা, পৰিহৰা পাষণ্ড আচাৰ॥ ৩৪॥ বৈৰা গ্যত পৰে ভাগ্য, নাহি প্রবােধত পৰে, সুখ যাৰ নাহি
পৃষ্ঠা:নামঘোষা.djvu/৯
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪ ]