পৃষ্ঠা:নামঘোষা.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৩ ]


আদি দেবগণে, নিশ্চল সম্পত্তি মনে, লক্ষ্মীক সেৱন্ত তপকৰি। লক্ষ্মীযাে সেৱন্ত যাক, হেন মহেশ্বৰ বিষ্ণু, আন কোন দেৱ তাঙ্ক সৰি॥ ১৭॥ সমস্ত বেদান্তসাৰ,শ্ৰীভাগবত শাস্ত্র, ইহাৰ অমৃত ৰস পাই । পৰম সন্তোষে পান, কৰিলে যিজনে তাৰ, অন্যত্র ৰসত ৰতি নাই। ১৮ ॥ মহা ভাগৱত ৰস, মাধৱৰ নাম যশ, আক পান কৰিল যি জনে। কৃষ্ণৰ চৰণে চিত্ত, দিয়া মোক্ষ আদিৰসে, ৰতি আন নকৰয় মনে ॥১৯ ॥ কৃষ্ণৰ নামক সদা, কীৰ্ত্তন কৰয় যিতো,মনে দৃঢ় কৰিয়া নিশ্চয। নিষ্কাম হোকবা যদি, সকাম হােৱয় তাক, কদাচিতাে কলি নবাঁধয়॥ ২০॥ চণ্ডাল পৰ্য্যন্ত কৰি, জগতৰ উপকাৰী • নাহি নাম গুণ বিনে আন। সেহি সে কাৰণে হৰি, নিজ যশ প্রিয়ভৈল, ভগৱন্ত ভকতৰ প্ৰাণ ॥২১॥ যি হেতু চৈতন্য পূর্ণ, পৰমাত্মা রূপে হৰি, হৃদযত আচন্ত প্রকাশি। তাতে সে ইন্দ্রিয়গণ,ভূত প্রাণ বুদ্ধিমন, প্রবর্ত্তে যতেক জড়ৰাশি॥ ২২॥ ৰামকৃষ্ণ হৰি নাম, সৰ্ব্ব ধর্ম অনুপাম, সকল নিগমে তত্ত্ব সাৰ। যাত পৰে ধৰ্ম্ম নাহি আৰ, হেন নাম নুসুমৰি, কমন ভৰসা কৰি, ৰৈয়া আছা ভৱতৰিবাৰ ।৷ ২৩ বিষ্ণু পাদোদকী গঙ্গা,মহেশে সহিতে ইতাে, জগতকে পবিত্র কৰয। হেন কৃষ্ণ বিনে কোন ভগৱন্ত হেন ইতাে, শবদৰ স্বরূপ আচয় ৷৷ ২৪।৷পুণ্য অৰণ্যৰ মাঝে, মাধৱৰ নাম সিংহ, প্ৰকাশ কৰয় অতি বড়ে। যাৰ ধ্বনি শুনি ভয়ে, মহাপাপ হস্তিচয়, পলাই অতিত্ৰাসত লবড়ে ।৷২৫।৷ আপুনি আপুন বন্ধু, আপুনি