পৃষ্ঠা:নামঘোষা.djvu/১০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৫ ]


পুৰুষৰ। হৰি বিনে পৰিত্ৰাণ, কৰ্ত্তা আৰ নাহি জানা, ৰিপু নাহি সংসাৰত পৰ॥ ৩৫ ॥ লক্ষ্মীপতি ভগৱন্ত, যাহাৰ প্ৰসন্ন ভৈল, তাহৰ দুৰ্ল্লভ কিছু নাই। নাৰায়ণ পৰ ভৈলে, তথাপি কিঞ্চিতো আন, নবাঞ্চয় সেৱা সুখ পাই॥ ৩৬॥ কৃষ্ণৰ হৃদয় চারু, লক্ষ্মীৰ নিবাস স্থান, মুখ নয়নৰ পানপাত্র । দিগপাল সমস্তৰ, আশ্রয় কৃষ্ণৰ বাহু,ভকতৰ পাদপদ্ম মাত্র ॥ ৩৭॥ পৰম ঈশ্বৰ দেৱ, কৃষ্ণক নপাই লাগ, তপ জপ যাগ যােগ দানে। একান্ত ভক্তৰ পদ, ৰেণু শুদ্ধচিত্তে মাথে, অভিষেক নকৰয মানে ॥ ৩৮॥ গ্রাম্য কথা বিনাশন, উত্তম শ্লোকৰ গুণ, প্রসবয় সাধুৰ সঙ্গত ৷ তাক অনুদিনে িতো যিতো, সেৱে তাৰ সতী মতি, হোৱে বাসুদেৱ চৰণত॥ ৩৯॥ সেহিসে দিনক ভাই, দুর্দ্দিন বুলিয়া মানি, মেঘচ্ছন্ন নােহয দুর্দ্দিন। হৰি কথা অমৃ- তৰ, সম্যকে আলাপ ৰসে, যিতো দিন হােৱয় বিহীন॥ ৪০॥ আত্মা ঈশ্বৰক লাগ, প্রতক্ষে সততে পাই, নপাই জানা তাঙ্ক অবিদ্যাত। অবিদ্যা নশিলে লাগ, কৃষ্ণক পাৱয যেন, কণ্ঠলগ্ন বস্তুক সাক্ষাত।৷ ৪১ ৷৷ নাৰায়ণ হেন ইতো, শবদ আচন্ত মুখে, বশবর্ত্তি বচন আঁচয় । তথাপি অদ্ভুত কিনাে, ঘােৰ নৰকত মজি, মলমতি মনুষ্য মৰয ৷৷ ৪২৷৷ তর্ক শাস্ত্র মহাব্যাঘ্ৰী, তাহাৰ নিপুণ পতি, তাৰ শিষ্য় ভৈল পুত্ৰপ্ৰায় । সংসাৰ বনত পশি, পতি পুত্র সমন্বিতে, উপনিষৎ ধেনু পৰি খায়।৷ ৪৩ ॥ সৰ্ব্বশ্রুতি শিৰােৰত্ন, ভাগৱত বনমাঝে, হৰিনাম সিংহ প্রকাশয়! তাৰ মহা ধ্বনি শুনি, নিজ