পৃষ্ঠা:নামঘোষা.djvu/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ৬৮ ]


সঘনে। হৰিৰ চৰণ নেড়িবা মনে ॥ ২৯ ॥ ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোলা। আশা সমুদ্ৰৰ মন তোলা॥ ৩০ ॥ ৰাম কৃষ্ণ হৰি বুলিয়ে ঝান্টে। মিলিলে মৰণ হাটে কি বাটে॥ ৩১ ॥

 মহিমা॥ হৰিত শৰণ লৈয়ো যিতো জন এ, হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্ত্তন কৰে। দুৰ্ঘোৰ অপাৰ সংসাৰ সাগৰএ, সিতো মহাজনে অতি অপ্রয়াসে তৰে ॥ ৩২ ॥ ৰাম কৃষ্ণ ৰাম কৃষ্ণ বল ভাইএ, পৰম যতনে তেজিয়া যত অন্যায । তােমাক মই ভাণ্ডো মােক ভাণ্ডাএ, চৈধ্যয় সাক্ষীক ভাণ্ডিবা কোন উপায়॥ ৩৩ ॥ ভাৰতাবৰিষ ধন্য কলি যুগ, হৰি হৰি হৰি হৰিএ, হৰি হৰি হৰি ব্ৰহ্মাৰ প্ৰাৰ্থনী নৰতনু অনুপাম । হৰিত একান্তে শৰণ পশিয়া, হৰি হৰি হৰি হৰি, হৰিএ হৰি হৰি ধৰ্ম্মশিৰােমণি ঘুষিয়ো হৰিৰ নাম ॥ ৩৪॥

 আত্ম উপদেশ ॥ বিচাৰি দেখস পামৰ মনাইএ, ইহ পৰ লোকে হৰিসে সুহৃদ বন্ধু ৰাম ৰাম ॥ ৩৫॥ মজিয়া ৰহস সুহৃদ মনাইএ, হৰি গুণ নাম অপাৰ আনন্দ সিন্ধু ৰাম ৰাম । আলাস তেজিয়ো মনাই এ, ভৃত্য ভয়- হাৰী হৰি পৰম গতি ৰাম ৰাম ॥ ৩৬ ॥ ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোলৰে পামৰ মন, ভুলিয়া কমনে পাপী মৰ। যাৰ মায়া পাশে বন্দি, হুযাচ পামৰ মন, তানে দুই চৰণত ধৰৰে পামৰ মন ভুলিয়া কমনে পাপী মৰ॥ ৩৭ ॥ গােবিন্দ বােল মনাই, মুকুন্দ বোল মনাই, ব্রহ্মা হৰে যাত শৰণ পশয়, আনৰ কোন বড়াই ॥ ৩৮ ॥ বিষয বিকলে ন মৰ মন। সদায়ে চিন্তিয়ো হৰি চৰণ॥ ৩৯ ॥ নিগম নিগূঢ়