পৃষ্ঠা:নামঘোষা.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ৬৯ ]


হৰিৰ নাম। নলৈয়া মন কৰ কোন কাম ॥ ৪০ ॥ ভবসিন্ধু সেতু হৰি চৰণ। যম কাল মায়া দুঃখতৰণ ॥ ৪১ ॥ কপট আচাৰ তেজিয়া মন। কেৱলে ভজিয়ো হৰিৰ চৰণ ॥ ৪২ ॥ কৈতব তেজিয়া ভজিয়ো হৰি। তেবেসে হৰি লৈবা দাস কৰি॥ ৪৩ ॥ হৰিৰ আশ্রয় নেড়িবা ভাই। একান্তিক সুখ তেবেসে পাই ॥ ৪৪ ॥ একান্তে হৰিত কৰিয়ো ৰতি৷ হৰিসে নিজ ভকতৰ গতি॥ ৪৫ ॥ সর্ব্ব পুরুষাৰ্থ কৈতব জান। হৰি মাত্ৰ সত্য বেদ প্রমাণ ॥ ৪৬ ॥ পৰম শ্রেয়স হৰি ভকতি। জানি হৰি পাৱে কৰিযো ৰতি ॥ ৪৭ ॥ হৰি গুণ নাম কৰিয়ো সাৰ। নিজ যশ প্রিয় জগ আধাৰ॥ ৪৮ ॥ বিধিৰ ঈশ্বৰ হৰি ভকতি। গাযযা হৰি যশ নিৰ্ম্মল মতি ॥৪৯ লৈযো একে মাত্র সাধু সঙ্গতি। তেবেসে নিৰ্ম্মল হৈব ভকতি ॥ ৫০॥ যাবত কৈব নেড়স মন । তাবত ন পাইবি চৰণ ॥ ৫১ ॥ কৈতব সত্য জান ভাল কৰি। ভজিয়ো হৰিক কৈতব এড়ি॥ ৫২ ॥ হৰিত বিনায় সবে কৈতব । ভজ হৰি পাৱে কৰি উৎসৱ ॥ ৫৩ ॥ ক্ষণিক জীবন জানি মনাই । তৰিয়াে সুখে হৰি গুণ গাই ॥ ৫৪॥ দুৰ্ঘোৰ সংসাৰ নিকাৰ জানি। নেড়িবা মুখে সদা ৰাম বাণী॥ ৫৫ ॥ তেবেসে হৰিৰ পাইবা আশ্রয। ভজিযো হৰি তেজি লাজ ভয় ॥৫৬॥ নিৰ্গুণ হৰিৰ গুণক গায়া । পৰমানন্দ পাইবা তেজি মায়া ॥ ৫৭ ॥ হৰি গুণ নাম নিগম তত্ত্ব। মুকুত সবৰো মুখ্য সম্মত ॥ ৫৮ ॥ জানি হৰি পদে নেড়িয়াে আশ । কহে মুঢ়মতি মাধৱ দাস॥ ৫৯ ॥ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম .