পৃষ্ঠা:নামঘোষা.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ৬৭ ]


ৰাম কৃষ্ণ নাৰায়ণ, নিৰঞ্জন নিৰাকাৰ, নির্ব্বিকাৰ নিৰাময় হৰি। চিদানন্দ সদানন্দ, পুরুষ পৰমানন্দ, ভজোঁ তুয়া চৰণত ধৰি হৰি ৰাম, বিভু প্রভু অনন্ত দৈত্যৰি॥ ১৫ ॥

 নমস্কাৰ ॥ দীনবন্ধু ৰাম দয়াশীল দেব । তুয়া পদ কমল সদাযে কৰো সেৱ ॥ ১৬ ॥ মােৰ প্ৰভু ৰাম করুণা সাগৰ। আমি দুঃখিতক ন চাড়ি বা দামােদৰ॥ ১৭ ॥ মধু ৰিপু ৰাম কমললোচন। তুয়া গুণ নাম ভৱ ভয় বিমে- চন॥ ১৮॥ বন্দো বাধৱ মধুৰিপু ৰাম। তুয়া পদ কমল যুগল হৰি এ॥ ১৯ ॥

 উপদেশ ॥ পীযু পীযু পীষু অমিয়া মধুৰি হৰি নাম, ৰাম ৰাম। দূৰতে তেজিয়া থৈযো আন যত মন কাম, ৰাম ৰাম ॥ ২০ ॥ ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোল ভাই এ, সকল নিগমে ওহি সাৰ। সুমৰিতে হৰি বশ্য হোৱে ভাইএ, সুখে পাই ভৱ নদী পাৰ ॥ ২১ ॥ ভাল উপাই পাইলো ভাই ভাইএ, ৰাম নাম নিগম ৰহস্য। একচিত্ত মনে ভাব ভাই ভাইএ, যাৰে নাম তাকে কৰে বশ্য ॥ ২২ ॥ ৰাম কৃষ্ণ হৰি বুলিযো মুখে হৰি পদে মন মজাযো সুখে ॥ ২৩॥ ৰাম বুলি ফুৰা বাহু আচাৰি। কপটৰ মােট পৈলৱা ফাৰি ॥২৪॥ ভজ ভগৱন্ত ভকতি ভাৱে। নাম লৈয়া গতি পতিতো পাৱে॥ ২৫ ॥ ৰাম নাম খানি ফুৰিয়ো গায়া। কি কৰি- বেক হৰিৰ মায়া ॥২৬ ॥ ৰাম নাম খানি লৈয়ােক ডাটি। হেলায়ে মাৰিয়োঁ যমেৰ ঘাটি॥ ২৭ মুখে ৰাম নাম গাৱ। মাযাৰ বাঝু মাৰিয়া যাৱ॥ ২৮॥ ৰাম কৃষ্ণ নাম জপ .