সমললৈ যাওক

পৃষ্ঠা:নামঘোষা.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ @bw ] বৃদ্ধে ত্যজিতে সামর্থ নয়। দশন বিহীন কুত্তা যেন, হাড় চোবাইবাক ন পায়, জিহ্বা লড় বড় কৰি মাত্ৰ চেলেকয়া৪৪৪ বৈষ্ণৱ নিন্দক সূচকক, বিষ্ঠা লুঠা গ্রাম্য শূকৰক, •বিধাতায়ে দুইকো জিলন্ত দয়া তৰে। সূচকে জানিবা নিৰন্তৰে, সাধু সমস্তক শুদ্ধি কৰে, যিমতে শুকৰে গ্ৰামক শশাধন কৰে। ৪৫। মৃগ মীন মহাসাধু নৰে, মনৰ সন্তোষে তৃণ জলে, হিংসা শূন্য হুয়া থাক জীবন ধৰি। তথাপিতে। ইতো ত্ৰিতয়ব, কৈবর্ত পিন ব্যাধ সব, ইতো জগতত তিনি অকাৰণ বৈৰী। ৪৬। সমস্তৰে আত্মা নাৰায়ণ, আত্ম সুখে ৰতি সর্বক্ষণ, এহি হেতু হৰি সমস্ত প্রাণীত সম। তঙ্ক যিতো ভজে সুখে তৰে, ন ভজি সংসাৰে মজি মৰে, কৃষ্ণক বিষম বোলয় কোন অধম ॥ ৪৭। আত্ম নিলা॥ হৰিলে কেৱলে সঞ্চা মাত্র, ৰাম ৰাম ৰাম ৰাম ৰাম, তন্ত বিনে মিছা যত দেখি শুনি মানে। তাক যিতো মিছা কৰি আশা, ৰাম ৰাম ৰাম ৰাম ৰাম, দুৰাচাৰ' মন মৰা কেনে অজ্ঞানে। ৪৮ মহিমা। ৰা শবদক উচ্চৰতে ৰাম ৰাম ৰাম ৰাম ৰাম, মুখ হন্তে বাঝ হুয়া পলাই পাপ মানে। পুণ্যমানে হেৰ অভ্যন্তৰ, ৰাম ৰাম ৰাম ৰাম ৰাম, মবুলি আতিকপাট মাষ টানে ৪৯ কৃষ্ণ প্রিয়তম আত্মা নিজ, ৰাম ৰাম ৰাম ৰাম ৰাম, যাত হতে অনুমাকো ভয় নুশুনি। আক যিতাে হানে সেহি জন ৰাম ৰাম ৰাম ৰাম ৰাম, বিদ্যাৰ গুৰু সেহিসে হৰি আপুনি ৫০ | অনন্ত শকতি তুমি ৰাম, লক্ষণ সুগ্রীৱ