পৃষ্ঠা:নামঘোষা.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৫৯ ] বিভীষণ, হনুমন্ত অাদি মহা মহ বীগণে। আনি তরু- লতা পৰ্বতক, কতেক যােজন সমুদ্রক, সেতু বান্ধি পাৰ ভৈলাহ মহাযতনে। ৫১। হে প্রাণ প্রভু ৰঘুপতি, নাম ৰাম ৰাম ৰাম ৰাম, তােত কৰিফা তযু গুণ নাম চাৰ । বিনা সেতুবন্ধ কৰি নৰে, ৰাম ৰাম ৰাম ৰাম ৰাম, অপাৰ সংসাৰ সমুদ্ৰৰ হোৱে পাৰ। ৫২। কৃষ্ণ কৃষ্ণ কৃষ্ণ বুলি যিতো, অন্তকালে নিজ প্রাণ তেজে, আদ্যৰ শবদে মুকুতি তঙ্ক দিবয় । আৰ কিবা বস্তু দিবো বুলি, আৰ দুই পদে লজ্জা হুয়া, ঋণী ভৈলা বুলি দমায় মাথা থাকয় ৫৩। হে কৃষ্ণ তযু পদ মূল, একান্তে শৰণ ৱে যিতো, কোন লাভ ইতো এড়াইৰে কালৰ ভয়। ভযু ভকতৰ সঙ্গ গােট, সৰ্ব্ব পুৰুষাৰ্থ ৰাশি শিৰে, চড়িয়া কৌতুকে অত্যন্ত নৃত্য কয়৫৪। পৰম দুর্বোধ আত্ম- তত্ত্ব, তাৰ জ্ঞান অর্থে হৰি যত, লীলা অবতাৰ ধৰা তুমি কৃপাময়। তাহান চৰিত্ৰ সুধাসিন্ধু, তাত ক্রীড়া কৰি দীনবন্ধু, • চাৰি পুরুষার্থ তৃণৰ সম কৰয় । ৫৫। উরুম পদ ৰেণু সেবি, চয় উৰ্ম্মি জিনিলেক যিতাে, সিতে। পুরুষৰ জানিবা আশ্চৰ্য্য নাই। তাকে সে আশ্চর্য্য বুলি ধৰি, যাৰ নাম একবৰ অৰি, চাণ্ডালে সম্প্রতি সংসাৰ বন্ধ এড়াই ॥ ৫৬ কৃষ্ণক বেশ ধনঞ্জয়, তোমাৰ কীৰ্ত্তনে কৃপাময়, অতি অনুৰাগে জগতে কৰে হৰিষ। তোমাৰ কীৰ্ত্তন অগনিশিখায়ে দগধ হুয়া আতি, ৰাক্ষস পিশাচ পলাই যাই দশ দিশ ॥ ৫৭ ভক্তি সৰােবাৰ কৃষ্ণ পাদ