[ ৫৭ ]
গুণ যশ, জগতৰ লােকে পৰম আনন্দে গাৱে ।
হেনয় শঙ্কৰ
গুরু বিনে, কমন কাৰণে আন জনে, লােকত মাঝত
আপুনি গুরু বােলাৱে ॥ ৩৭॥ বিষ্ণুৰ সহস্র নাম সদা,
অচিন্তো জিহ্বায়ে তাঙ্ক এৰি, সদায়ে বিৰোধ বচন মাত্র
ৰটয়। বুদ্ধি বিষ্ণুতত্ত্ব পৰিহৰি, অসন্ত বস্তুত ৰতি কৰি,
যেন বেশ্যা জাৰ পতিত মাত্র ৰময় ॥ ৩৮॥ সমস্তৰে আদি
নৰতনু, উদ্যম কোটিয়াে নপাই পুনু, কোনাে ভাগ্যোদয়ে
পায়া নাৱ দৃঢ় অতি । গুরু ভৈল আত কর্ণধাৰ, কৃষ্ণ ভৈল
অনুকূল কাযু, তথাপি সংসাৰ ন তৰয় আত্মঘাতী ॥ ৩৯ ॥
মাধৱে বােলন্ত শ্রুতি স্মৃতি, মােৰ আজ্ঞা বাণী জানা নিষ্ঠ,
যিতো জনে আক উল্লঙ্ঘিয়া প্রবৰ্ত্তয়। ভৈল সিতো মােৰ
আজ্ঞা ছেদী, মােক দ্বেষ কৰিলেক অতি, মােৰ ভক্ত হন্তো।
বৈষ্ণব সিতো নােহয়॥ ৪০॥ যত উগ্ৰ তপ জ্ঞান গুণ, যাগ
যােগ যজ্ঞ দান পুণ্য, কিবা প্রয়ােজন সাধিবেক তাসম্বাৰ।
কৃষ্ণ জগতৰ গুরু নিষ্ঠ, সুখ মােক্ষ প্রদ দেৱ ইষ্ট, তাহান
চৰণে ভকতি নাহিকো যাৰ ॥ ৪১॥ শিশুৰ বিষয় আশা
আগ, যুবা সেৱা কৰে পায়া লাগ, বৃদ্ধে ভােগ কৰি পিঠি
দিলে বিষয়ক। হৰিভকতিক পৰিহৰি, বৃদ্ধ বিষয়ঁক টেৰ
কৰি, পুনু পালটিয়া নিৰেখি আছে কিসক। ॥২৪॥ বালকে
কৰােক বহুমান, যুবায়ে সেবােক পাৰে মান, বৃদ্ধে বিষয়ৰ
বহিৰ্ভূত হুয়া গৈল ।
ভােগ কৰিবাক নপাৰয়, তথাপিতো
আশা ন চাড়য়, হৰি হৰি হৰি কিনো বিপৰীত ভৈল ॥৪৩॥
বৃদ্ধ সবে জানা বিষয়ক, ভােগ, কৰিবাক ন পাৰয়, ভক্তিহীন
জ