পৃষ্ঠা:নামঘোষা.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[ ৫১ ]


গোপাল গোপীনাথ গোবিন্দ মাধৱ। জীৱৰ জীৱন যদু- নন্দন যাদৱ॥ ১৬৮ ||

 তাৎপৰ্য্য || বৈকুণ্ঠৰ কল্পতরু ভাগৱত শাস্ত্ৰ। ইয়াৰ উত্তম ফল হৰি নাম মাত্ৰ || ১৬৯ || হৰি নামে হৰি নামে হৰি নামে গতি। হৰি নামে ভকতৰ কেৱল ভকতি|| ১৭০ || কৃষ্ণ পাদপদ্ম দুই মোৰ নিজ গতি। হৰিনাম বিনে আন নজানে ভকতি|| ১৭১ || ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ সাৰ। ৰাম কৃষ্ণ বিনে ঝুঠা আৱৰ বিচাৰ|| ১৭২|| শ্ৰীৰাম নাম ভকতৰ ধন সাৰ। সংসাৰ সাগৰে ৰাম নামে দুৰ্গ পাৰ॥ ১৭৩ || হৰি নাম কীৰ্ত্তনে সে পৰম মঙ্গল। পাৱয় পৰমানন্দ গুচে কৰ্ম্ম মল|| ১৭৪ || ব্ৰহ্মা হৰে ভজন্ত হৰিৰ দুই পাৱে। মুকুত সকলো সদা ৰাম নাম গাৱে॥ ১৭৫|| বিষয়ৰ আশা ভঙ্গে ভক্তৰ হৰিষ। দেখয বিষয় সুখ বিষ্ঠাৰ সদৃশ || ১৭৬ || মুৰাৰি মধুৰ ৰিপু মাধৱ ৰাম। তুমি ভক- তৰ ধৰ্ম্ম অৰ্থ মোক্ষ কাম || ১৭৭॥ বিষযৰ সুখ যত সকলে অসাৰ। জানিয়া ভকতে তাক কৰে পৰিহাৰ || ১৭৮ || কৃপাৰ সাগৰ কৃপাময় কৃপানিধি। তুযাগুণনামে ভকতৰ সৰ্ব্ব সিদ্ধি|| ১৭৯ || মূৰাৰি মনোহৰ ভগৱন্ত দেৱ। তুমি ‘বিনে পতিতৰ গতি নাহি কেৱ॥ ১৮০॥ কিনো কৃপাময় দেব প্ৰভু যদুৰাই। মুখ মাঝে থৈ শ, নাম সৰ্ব্বক্ষণে পাই॥ ১৮১ ||

 লেচাৰি। কৃষ্ণ এক দেব দুঃখহাৰী,, কাল মায়াদিৰো অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ। সৃষ্টি স্থিতি অন্তকাৰী দেৱ, তান্ত বিনে আন নাহি কেৱ, জানিবা