পৃষ্ঠা:নামঘোষা.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[৫০]


হোবে কৃতকৃত্য॥ ১৫২॥ হৰিগুণ কীৰ্ত্তনে স্বভাৱ ভৈল যাৰ। সংসাৰত দুৰ্ল্লভ থাকিল কিবা তাৰ॥ ১৫৩॥ কিনো ভাগ্য কিনো ভাগ্য কলিৰ প্ৰজাৰ। হৰি গুণ কীৰ্ত্তনে সে ধৰ্ম্ম ভৈল যাৰ॥ ১৫৪॥ হৰি গুণ নামক কীৰ্ত্তন যিতো কৰে। কলিৰ দোষক বঞ্চিলেক সিতো নৰে॥ ১৫৫॥ ৰাম নাম লৈয়া পাপী জনো তৰে সুখে। হেন হৰি নামৰ ভণ্ডাৰ ভৈল মুখে॥ ১৫৬ || যিসব চতুৰ নৰে বিষ্ণুক ভজয়। পৰম কৃতাৰ্থ ভৈল সিতো মহাশয়॥ ১৫৭॥

 কলি ধৰ্ম্ম॥ ৰাম কৃষ্ণনাম ভকতৰ নব নিধি। কলি যুগে বেকত কৰিল কোন বিধি॥১৫৮ || ধন্য ধন্য কলিৰ লোকৰ মহাভাগ। সৰ্ব্ব ধৰ্ম্ম ঠেলি ৰাম নাম ভৈল আগ॥ ১৫৯॥ কলিত কীৰ্ত্তন যিতো কৰে হৰি নাম। তাৰ আৰ আচৰিবে ন থাকিল কাম॥ ১৬০॥ নাহিকে কলিত ধৰ্ম্ম কীৰ্ত্তনৰ সম। যিতো গাৱে হৰি গুণ সিসি নৰোত্তম॥ ১৬১॥ কলিত কীৰ্ত্তনে মিলিবেক মহাভাগ। সংসাৰক তৰি মাধৱক পাইবা নাগ॥ ১৬২॥

 নাম॥ কেশৱ কমলাকান্ত অনন্ত অনাদি। নিত্য নিৰঞ্জন শুদ্ধ বুদ্ধ বেদ বাদী।১৬৩॥ জয় জয় জগত জনক, জগ জীৱ। অনন্ত অচ্যুত সনাতন সদাশিৱ॥১৬৪॥ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ নাম। ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ নাম॥ ১৬৫॥ গোপাল গোবিন্দ ৰাম কৃষ্ণ নাৰায়ণ। কমল লোচন হৰি পতিত পাৱন॥ ১৬৬॥ ৰাম নাৰায়ণ হৰি ৰাম নাৰায়ণ। ৰাম কৃষ্ণ নাৰায়ণ শিৱ সনাতন॥ ১৬৭॥