[ ৪৫ ]
হৰি নামে কৰে সংসাৰ বন্ধ ছেদ। হেন নামে নাহি ইচ্ছা
কিনো ভৈল খেদ॥৭৪৷। ৰাম কৃষ্ণ হৰি নাম নিগম নিগূঢ়।
সদা নুসুমৰে কেনে পাপমতি মুঢ়॥ ৭৫॥ হৰি পদ সেৱা
সুখ ভকতে জানয়। আন জনে আৰ গন্ধ মাত্ৰা ন
পাৱয়॥৭৬॥ হৰি পদে শুদ্ধ ভাৱে যিজনে অজয়। হৰি
নাম লৈয়া সুখে দুৰ্গতি তৰয়॥ ৭৭॥ মানবী জনম পাই
হৰি ন ভজিলা। অবশ্য হৈবাহা ভাই তৃণ তৰু শিলা॥ ৭৮॥
হৰি কীৰ্ত্তনক যিতো জনে হেলা কৰে। আপুনাক আপুনি
বঞ্চিলে সিতো নৱে॥ ৭৯॥ মনুষ্য শৰীৰ পাই কৃষ্ণক ন
ভজে। এহি মান দোষে ঘোৰ নৰকত মজে॥৮॥ মৃত্যুৰ
মুখত পড়ি ন ভজে হৰিক। সিতো অধমৰ জীৱনত ধিক
ধিক॥৮১॥হৰি পদে নভজে শাস্ত্ৰৰ সাৰ বুজি। বেঙ্কা
মুয়া যম দূতে তাক ফুৰ খুজি॥ ৮২॥নৰ তনু পায়া হৰি
নভজে যি নৰে। সংসাৰৰ অনন্ত যোনিত ভ্ৰমি মৰে॥৮৩॥
দুৰ্লভ শৰীৰ পাই হৰি ন ভজিল। দুৰ্ঘোৰ সংসাৰ সিতো
সমুলে মজিল॥৮৪॥ কলি যুগে হৰি নাম নকৰে কীৰ্ত্তন।
আপুনাক আপুনি বঞ্চিলে সিতো জন॥৮৫॥ হৰি ভজি
হৰি নাম নলৰে সাক্ষাত। আপুনাক আপুনি কৰিল আত্ম-
ঘাত॥ ৮৬॥ব্ৰহ্মাৰ প্ৰাৰ্থনী ইতো নৰতনু পায়া। ন ভজিলে
হৰিক বঞ্চিলে বিষ্ণু মায়া॥ ৮৭॥একান্ত শৰণে যিতো নভ-
জিলে হৰি। দুৰ্ঘোৰ যাতনা ভুঞ্জিসেক মৰি মৰি॥ ৮৮॥হৰি
পদ সেবা সৰ্ব্ব শাস্ত্ৰৰ নিৰ্ণয়। মুঢ় মতি মনুষ্যে ইহাক
ন জানয়॥৮৯॥হৰিকো কৰয় বশ্য কীৰ্ত্তন ভকতি। হেন