[ ৪৬ ]
নাম ন ধৰিয়া যায় অধোগতি॥ ৯০॥ৰাম কৃষ্ণ হৰি নাম
মুখে থাকে যাৰ। সেহিসে হৰিৰ প্ৰিয় হৰি লৈ তাৰ॥৯১॥
ৰাম কৃষ্ণ হৰি যিতে সততে বোলয়। সিতো মহাজনে
মুকুতিকো ন গণয়॥ ৯২॥ ৰাম কৃষ্ণ নাম ভকতৰ মহা
ধন। সদা নাম লয় আনন্দ কৰি মন॥ ৯৩॥ অনন্ত
নাৰদ শুক সনতকুমাৰ। তাৰা গৱে হৰি যশ জানি
যোগ সাৰ॥ ৯৪॥ হৰি নাম কীৰ্ত্তনৰ শবদ তুম্বুল। আন-
দৰ ভৱে হোৱা ভকত আকুল॥ ১৫॥ৰাম কৃষ্ণ নামৰ
দেখিয়ো কেন বল। অধমকো কৰে নামে পৰম
নিৰ্মল॥ ৯৬॥ হৰি নামে নাহিকো নিয়ম অধিকাৰী।
ৰাম বুলি তৰে মিৰি অসম কচাৰি॥ ৯৭॥ ৰাম কৃষ্ণ নাম
সম নাহিকে বান্ধৱ। ৰাম কৃষ্ণ নামে মিলে পৰম উৎ-
সৱ৷।৯৮॥কত জনৰ হৰি নামে সে সৰ্ব্বস। মুকুতিকো
ঠেলি আগ হোৱে হৰি যশ॥ ৯৯॥ৰাম কৃষ্ণ নামেসে
চিন্তয় কৰ্ম্ম বন্ধ। মিলয় সমস্ত সুখ পৰম আনন্দ॥ ১০০॥
ৰাম কৃষ্ণ ভাৱিতে তেজয় কাল সাপে। হৰি ভকতক
দুঃখ দিবে কাৰ বাপে॥ ১০১॥হৰিৰ কীৰ্ত্তন শুনি হুয়া
মহাভয়। কাল মৃত্যু দুয়োতৰ কৰিয়া কম্পয়॥ ১২॥
কেমনে জানিব হৰি নামৰ মহিমা। ব্ৰহ্মা হৰ অনন্তে
নপান্ত যাৰ সীমা॥১০৩॥হৰি গুণ নাম যশ ভকতি
উত্তম। যাৰ ধ্বনি শুনি কম্পে কলি কাল যম॥ ১৪॥
হৰি নামে যত পাপ সংহৰিতে পাৰে। ততেক পাতকী
পাপ কৰিতে নপৰে॥১০৫॥ৰাম কৃষ্ণ গোপাল গোবিন্দ