পৃষ্ঠা:নামঘোষা.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ৪৪ ]]


যম যমদূত নেদেখে সপনত॥৫৮,ৰাম কৃষ্ণ নাম সদা লৱে যিতো নৰে। যম ৰাজা তাহাৰ লিখন দূৰ কৰে॥৫৯, ৰাম কৃষ্ণ নাম সদা ফুৰে যিতো গাই। তাহাৰ সে সমস্ত বিঘিনি ভৈল চাই॥ ৬০॥ ৰাম কৃষ্ণ নাম যাৰ মুখত থাকয়। তাহাৰে সে জানিবা মিলিল মহো- দয়॥ ৬১॥ ৰাম কৃষ্ণ কীৰ্ত্তনে স্বভাৱ ভৈল যাৰ। সিয়ে ভৈল হৰিৰ হৰিয়ো ভৈল তাৰ॥ ৬২॥ ৰাম কৃষ্ণ নামক সততে যিতো গাৱে। তাক হৰি ৰাখিয়া ফুৰন্ত সৰ্ব্ব ভাৱে॥ ৬৩॥ৰাম কৃষ্ণ নাম যিতো সতত সুমৰে। হৰিৰ পৰম প্ৰিয় ভৈল সিতো নৰে॥ ৬৪॥ ৰাম বুলি তৰে মহা মহা অন্ত্য জাতি। যিতো নাম নলৱ হীনতো হীন আতি॥ ৩৫॥ৰাম কৃষ্ণ বুলিয়া সংসাৰ সুখে তৰে। ৰাম কৃষ্ণ নুবুলি জনম জুঠা কৰে॥ ৬৬॥ ৰাম নুবুলি তৰিব কিসে সমে। ৰাম নাম ন লৈলে ধৰিয়া নিব যমে॥ ৬৭॥ হৰিকো প্ৰকাশ কৰে ৰাম কৃষ্ণ নামে। হেন নাম ন লৈয়া মৰয় কোন কামে॥ ৬৮॥ গাৰো ভোট যৱনে হৰিৰ নাম লয়। হেয় হৰিৰ নাম সজ্জনে নিন্দয॥ ৬৯॥ হৰি নামে কৰে অন্ত্য জাতিকো মুকুত। সজ্জনে নামক নিন্দ কিনে অদভুত॥ ৭০॥ মহা পাপী তৰে হৰি নামৰ কীৰ্ত্তনে। হেন নাম ন লৈয়া সজ্জন ভৈল কেনে॥ ৭১॥ দুঃখময় ক্ষুদ্ৰ বিষয়ক আশা কৰি। একান্তে ন ভজে পূৰ্ণানন্দ মহা হৰি॥ ৭২॥ আপুনি ন লৱে নাম আনকো নিন্দয়। কোটি জনমকো লাগি দুৰ্ঘোৰ সঞ্চয়॥৭৩