[ ৪৩ ]
শৰণে। দিয়োক একান্তচিত্ত কৃষ্ণৰ কীৰ্ত্তনে॥ ৪৩॥
দুল্লভই দুৰ্লভ হৰিৰ গুণ নাম। জানিয়া কীৰ্ত্তন কৰা
তেজি আন কাম॥৪৪॥ হৰি গুণ কীৰ্ত্তন কলি
নিজ ধৰ্ম্ম। জানিবাহা সমস্ত শাস্ত্ৰৰ তত্ত্ব মৰ্ম্ম॥ ৪৫॥ ৰাম
নাম লৈয়া পাপী জন তাৰ সুখে। হেন ৰাম নামৰ ভণ্ডাৰ
ভৈল মুখে॥ ৪৬৷।যি মুখে বুলিব ৰাম সি মুখে ভণ্ডাৰ।
সদায়ে ভাবিয়ো ৰাম ক্ষয় নাহি আৰ॥৪৭॥ ভাবিতে
ভাবিতে ৰাম ৰস চডে আতি। আনন্দে ভাবিযো ৰাম
কিবা দিবা ৰাতি॥ ৪৮॥ অনন্ত ৰসৰ নিধি ৰাম কৃষ্ণ
নাম। মুখ ভৰি ভৰিয়া সদাযে বোল ৰাম॥ ৪৯॥ সদায়ে
ভাবিতে ৰাম যাৰ ৰস বাঢ়ে। ৰাম কৃষ্ণ নামে তাৰ
তাহাক ন চাড়ে॥ ৫০॥ হৰিসেবা বিনে আন সকল
অসাৰ। এহি মানে মাত্ৰ সৰ্বশাস্ত্ৰৰ বিচাৰ॥ ৫১॥
মুখৰ মাঝে নামৰ ভণ্ডাৰ ভৈল কত ভাগে। আনন্দে
ভাবিয়ো ৰাম যাৰ যত লাগে॥৫২॥ মনে মুখে এক
কৰি সদা বোলা ৰাম। লভিবা পৰমানন্দ দুৰ হৈবে
কাম॥৫৩৷। ৰাম কৃষ্ণ নামে যাৰ মুখে ভৈল গীত।
নামৰ প্ৰসাদে সিতো ভৈল কৃত্যকৃত॥৫৪॥ৰাম কৃষ্ণ
ৰাম কৃষ্ণ বোল ভাই ঝাঁটে। ন চলিব তেবেসে দুৰ্ঘোৰ
যম বাটে॥৫৫॥ৰাম কৃষ্ণ নাম ৰসে চিত্তক ভিজাৱ।
বোলৰাম কৃষ্ণ হৰি তেজি লাজ॥৫৬৷।ৰাম কৃষ্ণ
নামেসে স্বধৰ্ম্ম ভৈল যাৰ। যম কাল মায়াৰ গুচিল অধি
কাৰ॥ ৫৭॥ ৰাম কৃষ্ণ নাম যাৰ থাকয় মুখত।