পৃষ্ঠা:নামঘোষা.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[ ৪২ ]


অবিশ্ৰাম॥২৭॥মাধৱৰ ৰঙ্গা দুই চৰণে ধৰিয়া। ৰাম নাম ৰস পীয়ো অঞ্জলি ভৰিয়া॥২৮॥গুণ ময় সাধ্য সাধনক পৰিহৰি। কৃষ্ণ কথা ৰস পীয়ো কৰ্ণাঞ্জলি ভৰি॥৯॥যত জীৱ ৰাশি ফুৰে কুশলক চাই। হৰি নাম বিনে তাৰ মহা লাভ নাই॥৩০॥হৰি নাম গাৱন্তে কিঞ্চিতো নাহি দুঃখ। গুচে ভয় মিল পৰমানন্দ সুখ॥৩১॥হৰি কীৰ্ত্তনত যাৰ মিলয় সন্তোষ। সৰ্ব্ব সুখ ভাগী হোৱে হৰে কলি দোষ॥ ৩২॥লৈয়ো হৰি নাম ভাই তেজিয়া আলস। মিলিবে মঙ্গল গুচিবেক ভব পাশ॥ ৩৩॥যিতো জনে ফুৰে সদা হৰি গুণ গায়া। হৰিৰ কৃপাত সিতে মুখে তৰে মায়া॥৩৪॥ ৰাম নাম লৈয়ো ভাই আলাস নকৰ। নিকট চাপিয়া আছে যমৰ কিঙ্কৰ॥৩৫॥কৃষ্ণ কথা শুনে গাৱে যিতো শ্ৰদ্ধা কৰি। অল্প কালে হিয়াত প্ৰবেশ হোন্ত হৰি॥৩৬॥ অপাৰ আনন্দ ৰস ৰাম কৃষ্ণ বাণী। ৰাম কৃষ্ণ নাম মুখে নচাড়িবা জানি॥৩৭॥ জপ ৰাম নাম ভাই ভাবক সকল। ৰাম নাম বিনে নাহি পৰম মঙ্গল॥ ৩৮০॥ভাবিয়ো ভাবক ভাই ৰাম নাম সাৰ। নিগমে নকহে ৰাম নাম বিনে আৰ॥৩৯॥কৃষ্ণ পদ সেৱা সুখ পৰম দুৰ্ল্লভ। হৰি সেৱা বিনে আন সকলে সুলভ॥৪০॥ কৃষ্ণ পাদ পদ্ম ভৈল যাহাৰ আশ্ৰয়। তাহাৰে সে গুচয় নিঃশেষ দুঃখ ভয়॥ ৪১॥ হৰি কীৰ্ত্তনত ভাই নকৰিয়ে হেলা। এহিসে ৰাখিবে ঘোৰ সঙ্কটৰ বেলা॥ ৪২॥ হৰি পদ পঙ্কজত পশিয়ো