পৃষ্ঠা:নামঘোষা.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ৪১ ]


গুণ গায়া ভাই জন্ম সফল কৰ॥ ১২॥ শৈয়ো হৰি নাম সাতে পাঞ্চে হুয়া সাজু। আপন্ হুৰে পলাই যাবে কাল মায়া বাঝু॥১৩॥চেতন লভিয়া ভাই ভজিযো হৰিকন- আন পৰি হৰি হুয়ে ভকতি ৰসিক॥১৪॥লৈয়ো হৰি নাম গুণ বিঘিনি বিহীন। আনন্দে ভাবিয়ো ৰাম কিবা ৰাত্ৰি দিন॥ ১৫॥ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোল ভাই মুখে। ৰাম কৃষ্ণ সুমৰি বসিয়া থাক সুখে॥ ১৬॥ৰাম কৃষ্ণ হৰি বোল তেজি ভয় লাজ। হৈবন্ত বেকত হৰি হৃদয়ৰ মাঝ॥ ১৭॥যিতো ৰাম কৃষ্ণ হৰি বোলয় সৰ্বথা। তাৰ সঙ্গ এৰি হৰি যাইব আৰ কথা॥১৮॥ ৰাম কৃষ্ণ গেল ভাই ৰাম কৃষ্ণ বোল। কোটি কোটি ব্ৰহ্মাণ্ড নামৰ নোহ মোল॥ ১৯॥ৰাম কৃষ্ণ ভাবিতে ছুটয় কাল পাশ। সদা ৰাম হৰি বোল তেজিযা আলাস॥ ২০॥ হৰি গুৰু পদ সেৱা খণ্ড ডাটি ধৰ। মন বৈৰি কাটি সুখে ভৱ নদী তৰ॥২১॥ৰাম, কৃষ্ণ নিৰঞ্জন নিৰঞ্জন হৰি। সদা ৰাম কৃষ্ণ ভাবি যায়ে ভৰ তৰি॥ ২২॥ ভজিয়ে হৰিক যেবে চেতন আচয়। তেবেসে এড়াইবা সুখে সংসাৰৰ ভয়॥ ২৩॥ৰাম কৃষ্ণ ভাবিয়ো মিলোক মহা ভাগ। ৰাম কৃষ্ণ ভাবিতে কৃষ্ণক পাইবা লগি॥২৪॥ হৰিৰ নামত ভাই নেড়িযো ভাৰসা। সকল ধৰ্ম্মৰ হৰি নাম মাঝে বাসা॥২৫৪॥সন্ত উপদেশে হৰি চৰণে হৰি নাম নিৰ্মল আনন্দে মজিযো॥২৬॥ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ নাম। জনম সফল হৌক