পৃষ্ঠা:নামঘোষা.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৪০]

তাৰ, ফল মহা ভাগৱত। সেহি ফল ৰস, হৰি গুণ যশ, পীয়োক সাধু সঙ্গত॥ ২৪৯॥ পৰম কৃপালু, শ্ৰীমন্ত শঙ্কৰ, লোকক কৰিয়া দায়া। হৰিৰ নিৰ্ম্মল, ভকতি প্ৰকাশ, কৰিলা শাস্ত্ৰক চায়া॥২৫০॥


ঈশ্বৰ নিৰ্ণয

 পদ। প্ৰকৃতি পুরুষ দুইৰো নিযন্তা মাধৱ। সমস্তৰে আত্মা হৰি পৰম বান্ধৱ॥ ১॥ শৰণ॥ হে কৃষ্ণ তযু পাৱে পশিলো শৰণ। মই অনাথৰ নাথ তুমি নাৰায়ণ॥ ২॥ ভজন॥ নাৰায়ণ হৰি ৰাম গোপাল গোবিন্দ। ভজহোঁ তোমাৰ দুই পদ অৰবিন্দ॥ ৩॥ নমস্কাৰ। নমো হৰি নাৰাযণ ৰাম ৰাম ৰাম। সৰ্ব্ব ধৰ্ম্ম শিৰোমণি তুযা গুণ নাম॥ ৪॥ বন্দো গোবিন্দ ৰাম মুকুন্দ মাধৱ। যাক মৰণে তৰি পাপ পৰাভৱ॥ ৫॥ নমো কি নমো ৰাম নমো নাৰায়ণ। অনাদি অনন্ত সন্ত শিৱ সনাতন॥ ৬॥ জয় নমো নাৰাযণ দৈৱকী নন্দন। পৰম পুৰুষ সদাশিৱ সনাতন॥ ৭॥ উপদেশ॥ হৰি বোল হৰি বোল কৰি মন স্থিৰ। তেবে সে সফল হোৱে মনুষ্য শৰীৰ॥ ৮॥ হৰি গুণ গায়ো ভাই কৰিয়া উৎসৱ। গুণেতে সে তুষ্ট গুণ লুব্ধ মাধৱ॥ ৯॥ আনন্দ কৰিয়া হৰি গুণ গাবা যেবে। ভৱসিন্ধু তৰিয়া হৰিক পাইবা তেবে॥ ১০॥ হৰিগুণ নাম গাৱ আনন্দ কৰি মনে। চিন্তামণি তনু ভাই বিফল কৰ কেনে॥ ১১॥ আন পৰি হৰিয়া হৰিক মনে ধৰ। হৰি