পৃষ্ঠা:নামঘোষা.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৩৫ ]

মাত্ৰ, পুৰুষাৰ্থ সাৰ, হৰিৰ সেৱাৰ বল॥ ১৯২॥ ধৰ্ম্মে পৃথিবীৰ, আগত কহিল, মহা ভাগৱত ধৰ্ম্ম। মুকুতি সুখৰ, কেৱল আশ্ৰয, জানা মাধৱৰ কৰ্ম্ম। ১৯৩॥ কৃষ্ণ গুণ নাম, ধৰ্ম্মসে পৰম, মঙ্গলৰো সুমঙ্গল। কৃষ্ণৰ কীৰ্ত্তন, ৰসেসে কেৱল, মুকুতি সুখৰ ফল॥ ১৯৪॥ যি হেতু কৃষ্ণৰ, কীৰ্ত্তন ধৰ্ম্মত, নাহিকে পাত্ৰ নিয়ম। কেৱল কৃষ্ণৰ, কীৰ্ত্তনে কৰয, সমস্তকে নৰোত্তম॥১৯৫॥ অন্যত্ৰ সাধনে, কোনো বিচক্ষণ, জনক মোক্ষ দিবয়। কৃষ্ণৰ জন্মৰ, কৰ্ম্মৰ কীৰ্ত্তনে, মুকুতিকো বিড়ম্বষ॥ ১৯৬॥ ৰাম হেন ইতো, দুগুটী অক্ষৰ, বলৰ নাহিকে সীমা। মুকুতি সুখকো, কৰিল অধীন, আচোক আন মহিমা॥ ১৯৭॥ যিতো রুদ্ৰ দেৱে পৰম লীলাযে, জগতকে সংহৰন্ত। ৰামৰ নামৰ, তেঁহো হুযা বৃশ্য, দিনে ৰাত্ৰি সুমৰন্ত॥ ১৯৮॥ নাৰাদ সনত, কুমাৰ অনন্ত, শুক মুনি আদি কৰি। মুকুতি সুখক, ঠেলি ৰাম নাম, সদায়ে ফুৰে সুমৰি॥ ১৯৯॥ ইতো ৰাম নামে আপুনাৰ গুণে, ঈশ্বৰকো কৰে বশ্য। এতেক জানিবা, ৰাম নাম বিনে, শাস্ত্ৰৰো নাহি ৰহস্য॥ ২০০॥ চৈতন্য, ঈশ্বৰ, আদিত্য যাহাৰ, হিয়াত ভৈল প্ৰকাশ। কাল মেঘ প্ৰায়, অবিদ্যা আন্ধাৰ, তাহাৰ হোৱে বিনাশ॥ ২০১॥ ভালুক বানৰ,ৰাক্ষস তৰিল, ৰামক কৰিয়া সেৱ। হেনয় পৰম, কৃপালু দেৱতা, ৰাম বিনে নাহি কেৱ॥ ২০২॥ নিৰ্গুণ কৃষ্ণৰ, গুণক প্ৰকাশ, কৰিলা শ্ৰীশঙ্কৰে। শ্ৰবণ কীৰ্ত্তন, কৰে মহা সুখে, পাপীয়ো সংসাৰ তৰে॥ ২০৩॥