পৃষ্ঠা:নামঘোষা.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৩৪ ]

সদা ৰাম নাম গাৱে। তাক বাপ দায়, দিয়া দুষ্ট কলি, দূৰতো দূৰ পলাৱে॥ ১৮১॥ অলপ অক্ষৰ, ৰাম কৃষ্ণ নাম, কোমলতা সুকোমল। ৰাম কৃষ্ণ নাম, সবাৰো সুহৃদ, মঙ্গলৰো সুমঙ্গল॥ ১৮২॥ মুকুত সবৰো, মনক টানিয়া, আনয় হৰিৰ গুণে। এক প্ৰাণ হুয়া, মহন্তে সকলে,গাৱয় কহয় শুনে॥১৮৩॥ হৰিৰ নামৰ, অনন্ত প্ৰভাৱ, কোনে কহি পাৰে সীমা। সংসাৰ বিনাশে, হৰিকো প্ৰকাশে, নামৰ মহা মহিমা॥ ১৮৪॥ হৰিৰ নামৰ, অনন্ত মহিমা, জানি মহাজনে গান্ত। আপুন নামৰ, মহিমাক হৰি, আপুনি অন্ত নপান্ত॥ ১৮৫॥ হৰিৰ নামত, একোৱে বিঘিনি, নাহিকে জানা নিশ্চয়। আনো যত ধৰ্ম্ম, তাহাৰো বিঘিনি, নামেসে দূৰ কৰয॥ ১৮৬॥ ৰাম নাম মহা, প্ৰমত্ত সিংহৰ, ধ্বনি শুনি ৰিণী ৰিণী। পাপ ময়মত্ত, মাতঙ্গ পলাই, মিলিল হেৰা বিঘিনি॥ ১৮৭॥ ৰাম কৃষ্ণ নাম, কীৰ্ত্তন খাড়ব, অগনিৰ শিখা লাগি। অসুৰ ৰাক্ষস, পাষণ্ড পিশাচ, পলাই দশ দিশে ভাগি॥ ১৮৮॥ জয় জগজীৱ, জগত কাৰণ, জয়তি জগনিবাস। তোমাৰ ভকতি, ৰসে মুকুতিকো, কৰে অতি উপহাস॥ ১৮৯॥ কৃষ্ণ নাম ইতো, পৰম মঙ্গল, যাহাৰ থাকে বাক্যত। সিতো পুরুষৰ, ভস্ম হুয়া যাই, মহাপাপ কোটি শত॥ ১৯০॥ পৰম উজ্জ্বল, হৰি নাম ৰত্ন, কণ্ঠত যিতো পিন্ধয়। তাহাৰ পুরুষ, যতেক আচয়, সবাকে শোভা কৰয়॥ ১৯১॥ পৰম প্ৰশান্ত, নাৰায়ণ পৰ, মুক্তৰো মাঝে বিৰল। এহি মানে