পৃষ্ঠা:নামঘোষা.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৩৬) পৰম ইশ্বৰ, কৃষ্ণ দেবতাৰ, গুণক নাহিকে অস্ত। ইহাৰ তত্ত্বক, জানিবা কেৱল, শঙ্কৰে মাত্ৰ জান । ২০৪। ৰাম কৃষ্ণ হৰি, গােপাল গােবিন্দ, মুকুন্দ যদু মুৰাৰি। ভকতৰ ধন, হৃদয় ৰঞ্জন, ব্রজজন অধিকাৰী। ২০৫ ৷ ৰাম অনন্ত, প্রভু ভগৱন্ত, ভকত ভয় ভঞ্জন। নিত্য নিৰঞ্জন, দানব গঞ্জন, সজ্জন জন ৰঞ্জন ।। ২৬ ৰাম কৃষ্ণ ৰাম, কৃষ্ণ ৰঘু পতি, ৰাঘৱ ৰঘুনন্দন। অনাদি অনন্ত, শিৱ সনাতন, চুত জগবন। ২৭। দৈৱকী নন্দন, ৰাম নাৰায়ণ, জগত কাৰণ ৰাম । সৰ্ব্বদেশিৰো, মণি নাৰায়ণ, সমস্ত সুখৰ বাম ॥২০৮] নিৰাকাৰ নিৰাময় নাৰাম, নাৰাযণ নিৰঞ্জন। মুকুন্দ মুৰি, ভৱ ভয় হৰি, কত জন ৰঞ্জন। ২০৯৭। মাধৱৰ নাম, বৎস প্রায় ভৈল, ভক্তে তাক লৈয়া যায়। বেদৰ ঈশ্বৰ, হৰি ধেনু জেন, তাৰ পাছে পাছে ধান্ত। ২১ তাৰ সবে পূজ্য, তাৰা সবে ধন্য, তাসে সুহৃদ জন। কলিযুগে হৰি, আনকো বোলায়ে, আপুন কৰে কীর্তন ২১১ ॥ হৰিক বান্ধব, বুলিযা যেজন, কয় হৰি কীর্তন। সমস্ত শাস্ত্র, তত্ত্বক জানিল, জান সেহি মহা- জন। ২১২। যেৰে হৰি পদে, শৰণ পসিয়া, হৰি নাম লৰ মুখে। হৰিৰ প্ৰসাদ, পায় সিজনে, মায়াকো ত্য সুখে ২১৩ ধন্য কলি যুগ, ধন ৰাম নাম, ধন্য ধন্য নৰ কাঙ্গা। ভাগ্যহীন জনো, জপি ৰাম নাম, তয় দুস্তৰ মায়া। ২১৪। কলিৰ লােকৰ, ভাগ্যৰ মহিমা, কোনে কহি পাৰে পাৰ হৰি গুণ নাম, কলিৰ স্বৰ্ম্ম, সমস্ত,