পৃষ্ঠা:নামঘোষা.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৩৩ ]

কৰিতে হৰি জুযায়॥ ১৬৯॥ হে প্রাণ হৰি, দন্তে তৃণ ধৰি, মাগোঁহাে তােমাৰ পাৱে। মােৰ মন মজি, তোমাৰ নামত, ৰহােকো হৰিৰ স্বভাৱে ॥ ১৭০॥ জ্বৰতাপ পীড়া, মৰণ সময়ে, কৰা হৰি কৃপা মােক। তযু গুণ নাম, শ্রবণ স্মৰণ, বচন গােচৰ হোক॥১৭১॥ গােপিনীৰ ধন, ব্ৰজৰ জীৱন, মােহন ৰাম গােবিন্দ। পৰম সাদৰে, শিৰে তুলি ধৰোঁ, তযু পদ অৰবিন্দ ॥ ১৭২॥ নাম মহিমাা॥ কৃষ্ণৰ পৰম, নির্ম্মল উদাৰ, কথাৰ যৈত প্রকাশ। গঙ্গা আদি কৰি, যত তীর্থ আছে, তৈতিসে কৰে নিবাস॥ ১৭৩॥ শ্ৰীৰাম নাম, ভকত জনৰ, মহা ধন হীৰা বিত্ত। সংসাৰ সাগৰ, তাৰ দুর্গ পাৰ, শ্ৰীৰামনাম নিশ্চিত ॥১৭৪॥ শ্ৰীৰাম নাম, মল অৰণ্যৰ, বাড়ব অগনি সম। শ্ৰীৰাম নাম, মৰন উৎসৱ, ভদ্ৰতো ভদ্র উত্তম ॥১৭৫ ॥ নাৰায়ণ নাম, নৰ সম স্তৰ, প্রসিদ্ধ চৌৰ বিশেষ। অনেক জন্মৰ, সঞ্চিত পাতক, স্মৰণে হৰে নিঃশেষ॥১৭৬॥ ৰাম শৰদৰ, ৰাপদ ভৈল, প্রচণ্ড বহ্নি নিশ্চয়। ম ৰাষূ সমে, অধৰ্ম্ম অৰণ্য, দহিয়া ভস্ম কৰয় ॥১৭৭॥ কুকথা পাষণ্ড, সংবাদ বিবাদ, পর্ব্বত অতি নিষ্ঠুৰ । ৰাম কৃষ্ণ নাম, বজ্ৰক প্রহাৰি, কৰা তাক মসিমুৰ ॥১৭৮॥ অপাৰ আনন্দ, ৰস ৰাম নাম, মুখত থাকে যাহাৰ। মুকুতি সুখকো, খৱে পাশ কৰি, আন সুখ কোন চাৰ ॥১৭৯॥ যিতাে মহাজনে, ঈশ্বৰ কৃষ্ণৰ, ভজয় পদ কমল। কুল উদ্ধাৰিল, আপুনো তৰিল, তাৰে সে জন্ম সফল॥১৮০॥ সুদৃঢ় বিশ্বাস, কৰি যিতো জন,