পৃষ্ঠা:নামঘোষা.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৩২ ]

দূৰ কৰা মায়া, চাপোহোঁ তােমাৰ, চৰণ ছত্র নিকট॥ ১৫৮॥ পতিত পাবন, ৰাম নাৰায়ণ, চৰণে মােক উদ্ধাৰ। আমি পতিতক, পতিতপালন, নামৰ পৰীক্ষা কৰা॥ ১৫৯॥ পতিত পাবন, প্রভু নাৰায়ণ, প্রসিদ্ধ সমস্ত জনে। আমি মহাপাপী, শৰণ পশিলোঁ, ৰাখিয়ো নিজ চৰণে ॥ ১৬০॥ হে হৰি মই, অনাথক দযা কৰিযোক একবাৰ। কৃপা- ৰসে তিতি, অরুণ বৰণ, চৰণ ভৈল তোমাৰ॥ ১৬১॥ কৃপাৰ সাগৰ, দৈবকী নন্দন, পূৰিযো মনৰ কাম । ভক- তৰ সঙ্গে, সদা নুগুচোক, মুখে তুযা গুণ নাম॥ ১৬২॥ কোটি কোটি ঘোৰ, অপৰাধ নিতে, কৰোঁ আসি দুৰা- শয়। হে হৰি মােক, দাস- হেন মানি, ক্ষমিয়ােক কৃপাময়॥ ১৬৩॥ অনাদি অনন্ত, অচিন্ত্য ঈশ্বৰ, তুমি সে নিত্য নিৰ্ম্মল। গুচায়োঁ কুমতি, ভজোঁহোঁ কেৱল তােমাৰ, পদ কমল॥ ১৬৪॥ হে ভগৱন্ত, ভজোঁহোঁ তােমাৰ, অভয় পদকমলে । মই অনাথক, ৰাখিয়ো ঈশ্বৰ, অরুণ চৰণ তলে॥১৬৫॥ হে কৃষ্ণ কৃপা, ময় প্রভু মােক, কৰা কৃপা এহি, মান। তোমাৰ চৰণে, ৰহােক আমাৰ, সদায়ে নির্ম্মল জ্ঞান ॥ ১৬৬॥ জয় জগবন্ধু, জগত কাৰণ, নাৰায়ণ নিৰাকাৰ। কেৱল তােমাৰ চৰণ পঙ্কজে, ৰহােক ৰতি আমাৰ॥ ১৬৭॥ দীন দয়াশীল, দেৱ দামোদৰ, দীনক নেৰিবা মােক। হেন কৃপাকবা, তযু পদে মােৰ সহজ ৰতি মিলােক॥ ১৬৮॥ তোমাৰ চৰণ, সেবায় গােবিন্দ, নজানাে এক উপায়। যিমতে সেবাত, বহিবাে করুণা,