পৃষ্ঠা:নামঘোষা.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৩১ ]

লন্ত সেহি জন, যম যাতনাৰ পাত্ৰ॥ ১৪৭॥ হৰিৰ চৰণ, নিচিন্ত চিন্তয়, বিষয়ক দিনে ৰাতি। শাস্ত্ৰৰ সম্মতে, জানা সেই জন, ভৈল নিজ আত্মঘাতী॥ ১৪৮॥ প্ৰাৰ্থনা তুমি সৰ্ব্বসাক্ষী, আত্মা হৃষীকেশ, জানাহা মোৰ চিত্তক। শৰণাগতক, মই আতুৰক, অপেক্ষা কৰা কিসক॥ ১৪৯॥ হে কৃষ্ণ দেৱ, মই আতুৰক, চৰণে কৰা উদ্ধাৰ। তিনি তাপময়, সংসাৰ নিকাৰ, সহিতে নপাৰো আৰ॥ ১৫০॥ বাহিৰে ভিতৰে, তুমি হৰি গুরু, আচাহা চৈতন্য রূপে। দিয়োক সুমতি, তুমি বিনে গতি, নাহিকে কৈলোঁ স্বরূপে॥১৫১॥ হৰি ও হৰি, করুণা সাগৰ কৰিয়ো কৃপা আমাক। প্ৰিয়তম আত্ম, সখা ইষ্ট গুরু, মানিয়া আচোঁ তোমাক॥ ১৫২॥ হে হৰি মোক, দুৰাচাৰ বুলি, নকৰিবা পৰিহাৰ। তুমি বিনে মহা, পতিত পাবন, কোন দেৱ আছে আৰ। ১৫৩॥ নমো নমো ৰাম, কৃষ্ণ প্ৰভু দেৱ, তুমি মোৰ নিজ গতি। হুযোগ সদয়, যিমতে ৰহয়, তোমাত নিৰ্ম্মল মতি॥১৫৪॥ চৰণত ধৰোঁ, কাতৰ কৰোহোঁ, ইবাৰ নেৰিবা হৰি। পতিত পাৱন, দেৱ নাৰায়ণ, নাহিকে তোমাৰ সৰি॥১৫৫॥ নমো নমো কৃষ্ণ, তোমাৰ ভকতি, মুকুতিকো কৰি বলে। মোৰ তাকে মন, দিয়োক শৰণ, অরুণ চৰণ তলে॥ ১৫৬॥ এভৱ সাগৰে, মজি নাৰায়ণ, আতুৰ ভৈলো অপাৰ। দীন অনৰ্থক, তুমি কৃপাময়, চৰণে কৰা উদ্ধাৰ॥১৫৭।॥ হে হৰি তযু মায়ায়ে আমাক, ভাণ্ডিছে কৰি কপট।