সমললৈ যাওক

পৃষ্ঠা:নামঘোষা.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৩০ ]

যিতো, কৃষ্ণত ভকতি নাই। তাৰ মাত্ৰ শ্ৰম, শ্ৰমে মাত্ৰ ফল, হেন ৰাখে বাঁজী গাই॥ ১৩৬॥ ৰাজা প্ৰজা জানিলেক ভক্তি পথ, শঙ্কৰৰ মত শুদ্ধ। সিতো মত লাৰি, আন আচাৰয়, পৰম সিতো মুগুধ॥ ১৩৭॥ আপুনো পণ্ডিত, নুহি মহন্তকো, নুপাসিলে কদাচিত। তথা- পিতো গুরু, বোলাৱে কৃষ্ণৰ, মায়ায়ে হুয়া মোহিত॥ ১৩৮॥ নজানে শাস্ত্ৰক, শিষ্যৰ সংশয়, নপাৰে দূৰ কৰিত। তাৰ উপদেশে, আনো নতৰয়, আপুনো ভৈল বঞ্চিত॥ ১৩৯॥ শাস্ত্ৰ মত এৰি, যি কথা-কহয়, কেৱল পাষণ্ড নয়। আচোক কৃষ্ণক, পাইবা কদাচিতো, নুগুচে সংসাৰ ভয়॥ ১৪০॥ অন্ন যোনি কিছু, নকৰে বিচাৰ, জাতি কুল ভৈল ভ্ৰষ্ট। বৈষ্ণৱৰ বেশ, ধৰিযা ফুৰয়, বেদ পথ কৰি নষ্ট॥ ১৪১॥ হৰি হৰি হৰি, কিনো ভৈল ইতো, কৃষ্ণৰ মায়াৰ বল। হৰি ভকতিৰ পথত কপট, পাতিলেক অমঙ্গল॥ ১৪২॥ শাস্ত্ৰৰ বিচাৰে, নজানে ভকতি, পৰমাৰ্থ মতি মূঢ়। হৰি কথা ছলে, কৰ্ণত কুমন্ত্ৰ, কহয় কৰিয়া গূঢ়॥ ১৪৩ ॥ চাৰিযো জাতিৰ, নিজ পিতৃ কৃষ্ণ, জানিয়া যিতো নভজে। এহি পাপে নিজ, ধৰ্ম্ম ভ্ৰষ্ট হুয়া ঘোৰ নৰকত মজে॥ ১৪৪॥ হৰিৰ চৰণ, নভজি নকৰে, আপুন দুঃখ খণ্ডিত। পৰমাৰ্থ তত্ত্ব, বিচাৰি কহিয়ো, কেমন সিতো পণ্ডিত॥ ১৪৫॥ আপুনাৰ জন্ম, ভাৰত ভূমিত, লভিবেক যিতো নৰ। হৰিক নভজি, কৰিল বিফল, সিতো শোচ্য সমস্তৰ॥ ১৪৬॥ হৰিৰ চৰণ, নভজি কেৱলে, পোষে পুত্ৰ ভাৰ্য্যা মাত্ৰ। যম ৰাজা বুলি,