পৃষ্ঠা:নামঘোষা.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২৭ ]

নাচৰিলে, তাৰা সবে কি কৰিব ॥ ১০২ ॥ শিষ্য সবে, যেবে, মহা শুদ্ধ ভাবে, উপদেশ আচৰয়। শাস্ত্র গুরু আপুনাকো সিতো শিষ্যে, তিনিকো ৰক্ষা কৰয় ॥১০৩॥ হৃদয় স্তম্ভত, কৃষ্ণ চৰণক, প্রেম জৰি দিয়া চান্দা। পৰম সুদৃঢ়, ৰাম কৃষ্ণ নাম, কবচ গলত বান্ধা॥ ১০৪॥ ৰাম কৃষ্ণ নাম অভেদ কবচ, সদায়ে যিতাে পিন্ধয়৷ তিনি গুণ বৃত্তি, অস্ত্ৰৰ প্ৰহৰে, তাক আৰ নিবিন্ধয় ॥ ১০৫॥ হিৰণ্য কশিপু, প্রহ্লাদ পুত্রক, নানান দুর্গতি দিল। হৰি নাম মহা কবচ প্রভাবে, তান লােম ন লৰিল॥ ১০৬॥ একান্ত শৰণে, যিতো নাম লৱে, ফুৰে হৰি তাঙ্ক ৰাখি। ইহাত যদ্যপি,সঞ্জাত নযাৱা, লােৱা প্রহ্লাদত শাখী ॥১০৭॥ জ্ঞানেবা অজ্ঞানে, মাধৱৰ নাম, যিজনে ফুৰে সুমৰি। তাক মােৰ বুলি, হাতে চক্র তুলি, ৰাখিয়া ফুৰন্ত হৰি॥১০৮॥ গ্ৰাহ গ্ৰস্ত হুয়া, গজেন্দ্ৰ শৰণ, লৈলা ত্রাহি হৰি বুলি৷ তাহাঙ্ক তেখনে, ৰাখিলন্ত আসি, হাতে হৰি চক্র তুলি ॥ ১০৯॥ কাল গ্রাহে ধৰি, সবাকে গিলয়, চেতন নাহিকে মনে। ত্ৰাহি হৰি বুলি, পশিয়াে শৰণে, অভয় হৰি চৰণে ॥ ১০১॥ ভৃত্য ভয় হাৰী, অপৰ দেৱতা, নাহি হৰি সমসৰ। প্ৰপন্ন জনৰ জানিবাহা হৰি, ব্ৰজৰ যেন পঞ্জৰ॥ ১১১॥ হৰিৰ সেৱাত, নাহিকে প্রয়াস, জানিবা নিশ্চয় কৰি। নাম মাত্ৰ লৈলে, হােৱন্ত সন্তোষ, কিনো কৃপাময় হৰি॥১১২ ॥ শুনিয়ো চতুৰ, মহন্ত সকল, ফুৰা এৰি গুণ গাই। দুৰ্ঘোৰ কলিত, হৰি নাম বিনে,